ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে বোকাখাতৰ সাপজুৰিৰ বজাৰত বিশেষ সজাগতা অনুষ্ঠান : মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহন :

ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে বোকাখাতৰ সাপজুৰিৰ বজাৰত বিশেষ সজাগতা অনুষ্ঠান : মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহন  :
Aiidesh photo

Aiidesh News  : 16 September 2024  :

চলিত পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বোকাখাতত থকা গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি বোকাখাতৰ সাপজুৰি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ বিশেষ সজাগতা সভা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে  অসম চৰকাৰৰ কেবিনেট তথা কৃষি, পশুপালন আৰু পশু চিকিৎসা দপ্তৰৰ মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই ৷অনুষ্ঠানত স্থানীয় মহিলা সকলৰ দ্বাৰা বাটৰ নাট প্ৰদৰ্শন কৰাৰ উপৰিও পুষ্টিকৰ খাদ্যৰ প্ৰদৰ্শনীৰো আয়োজন কৰি আনুষ্ঠানিকভাৱে শিশু আৰু মহিলা সকলৰ মাজত উপহাৰ আৰু পুৰস্কাৰো বিতৰণ কৰা হয় ।

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই আজিৰ অনুষ্ঠানৰ লগত জড়িত সংশ্লিষ্ট সকলো বিভাগক সম্ভাষন আৰু  শুভেচ্ছা জনোৱাৰ লগতে  চৰকাৰী বিষয়াসকলৰ এই প্ৰয়াসৰ শলাগ লয় । সমাজখনত পুষ্টিৰ বিষয়ে সজাগতা গঢ়ি তুলি  ইতিবাচক প্ৰভাৱ আনিবৰ বাবে সংশ্লিষ্ট সকলো বিভাগে প্ৰতিটো অঞ্চলৰ পৰিয়ালক সামৰি ল'বলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ।

আজিৰ এই কাৰ্যসূচীত শিশু উন্নয়ন প্ৰকল্প বিষয়া, ছুপাৰভাইজৰ, অংগনৱাড়ী কৰ্মী, সহায়িকা, সমাজ কল্যাণ বিভাগৰ অন্যান্য বিষয়া, সহকাৰী খণ্ড উন্নয়ন বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা, সহকাৰী বিডিঅ’, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, চিকিৎসা বিষয়া, বোকাখাত মহকুমা প্ৰশাসনৰ বিষয়া আৰু স্থানীয় ৰাইজে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ।

********