আৰণ্যকৰ সৌজন্যত গোলাঘাট জিলাৰ আৰক্ষীলৈ দুখন মটৰ চাইকেল আৰু পাঁচশ মাক্স প্ৰদান :

আৰণ্যকৰ সৌজন্যত গোলাঘাট জিলাৰ আৰক্ষীলৈ দুখন মটৰ চাইকেল আৰু পাঁচশ মাক্স প্ৰদান :
Photo : Uttam Saikia
আৰণ্যকৰ সৌজন্যত গোলাঘাট জিলাৰ আৰক্ষীলৈ দুখন মটৰ চাইকেল আৰু পাঁচশ মাক্স প্ৰদান :

আৰণ্যকৰ সৌজন্যত গোলাঘাট জিলাৰ আৰক্ষীলৈ দুখন মটৰ চাইকেল আৰু পাঁচশ মাক্স প্ৰদান :

AIIDESH.NEWS : 30 April :

লক ডাউনৰ মাজত কভিড ১৯ ৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে দেশত আৰক্ষীৰ জনসেৱা সকলোৰে প্ৰশংসিত ৷ এনে সময়তে গোলাঘাট জিলাৰ আৰক্ষীক আজি দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে দুখন বাজাজ পালচাৰ মটৰ চাইকেল আৰু পাঁচশ মাক্স প্ৰদান কৰে ৷ বিগত সময়চোৱাত কভিড ১৯ ৰ সংক্ৰমনৰ বাবে অধিক সক্ৰিয়তাৰে যুঁজিব পৰাকৈ এই দুখন পালচাৰ মটৰ চাইকেল আৰু পাঁচশ মাক্স আজি গোলাঘাট আৰক্ষীক প্ৰদান কৰা বুলি জনায় আৰণ্যকৰ জেষ্ঠ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্যই ৷ আজি আৰণ্যকৰ তৰফৰ পৰা এই মটৰ চাইকেল আৰু মাক্স গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিংৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে ভট্টচাৰ্যই ৷ অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানচাৰ আৰু উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াও উপস্থিত থাকে ৷ কভিড ১৯ সংক্ৰমনৰ এই ভয়াবহ পটভুমিত আৰণ্যৰ এই সহায়ৰ বাবে ধন্যবাদ জনায় আৰক্ষী অধীক্ষক জনে ৷ উল্লেখ্য যে গোলাঘাটৰ জনসাধাৰণৰ সহযোগিতা , গোলাঘাট প্ৰশাসনৰ লগতে জিলাখনৰ আৰক্ষীৰ সহযোগৰ বাবেই গোলাঘাট জিলা আজি ৰেড জ'নৰ পৰা গ্ৰীন জ'নলৈ যাবলৈ সক্ষম হৈছে ৷