বোকাখাতত মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত হিতাধিকাৰীৰ মাজত চেক প্ৰদান :

বোকাখাতত মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত হিতাধিকাৰীৰ মাজত চেক প্ৰদান  :
Aiidesh Photo
বোকাখাতত মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত হিতাধিকাৰীৰ মাজত চেক প্ৰদান  :

বোকাখাতত মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত হিতাধিকাৰীৰ মাজত চেক প্ৰদান  : 


Aiidesh News : 23 September  : 


বোকাখাত মহকুমা প্ৰশাসন আৰু গোলাঘাট জিলা পশুপালন ও পশু চিকিৎসা বিভাগৰ সৌজন্যত বৃহস্পতি বাৰৰ দিনা বোকাখাতত ‘মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা'ৰ অধীনত হিতাধিকাৰী সকলৰ মাজত ধনাদেশ প্ৰদান কৰা হয় ৷ এই উপলক্ষে বোকাখাত নাট্যমন্দিৰ প্ৰাংগনত আয়োজন কৰা অনুষ্ঠানত কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰা মুখ্য অতিথি হিচাবে উপস্থিত থাকে ৷ অনুষ্ঠানত বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তৰৰ মুঠ ৪৫০০ হিতাধিকাৰীক গৰু, ছগলী, গাহৰি আৰু হাঁহ কুকুৰা পালনৰ বাবে আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে ৷


মন্ত্ৰী অতুল বৰাৰ মতে - আমি গৰু ছাগলী হাঁহ কুকুৰা পালন কৰিব পাৰো ৷ অকল গাহৰিৰ বাবে থকা বজাৰ খন দখল কৰিবৰ বাবেই আমি কাম কৰিব পাৰো ৷ তাৰ বাবেই আমি ১০ কোটিৰো অধিক ধন আমি এই আঁচনিত বিনিয়োগ কৰিছো ৷ যাৰ দ্বাৰা নিবনুৱা যুৱক যুৱতী সকল উপকৃত হ'ব ৷ সম্প্ৰতি ৰাজ্যৰ তিনিটা সমষ্টিত এই আঁচনি ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে ৷ লগতে ধনৰ সঠিক ব্যৱহাৰৰ বাবে মন্ত্ৰী গকাৰীয়ে হিতাধিকাৰী সকলক আহ্বান জনায় ৷


জিলা পশু চিকিৎসা বিষয়া ডাঃ সত্য দত্ত চৌধুৰীয়ে অনুষ্ঠানত আদৰণী ভাষণ  প্ৰদান কৰাৰ লগতে অৱসৰ প্ৰাপ্ত মহকুমা পশু চিকিৎসা বিষয়া ডা৹ ৰঞ্জিত বৰাই অনুষ্ঠানৰ  উদ্দেশ্য বাখ্যা কৰে ৷ মন্ত্ৰী অতুল বৰাৰ উপৰিও বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, পশুপালন বিভাগৰ সঞ্চালক ইন্দিৰা কলিতা আৰু উপ সঞ্চালক ডা৹ দিলীপ ভুঞায়ো অনুষ্ঠানত উপস্থিত থাকে ৷

**********