বোকাখাতত অসম চৰকাৰৰ বিকাশ যাত্ৰাৰ এলানি আঁচনি উদ্বোধন মন্ত্ৰী অতুল বৰাৰ :
                            Aiidesh News : 10 March 2024 :
ৰাজ্যবাসীৰ উন্নয়ন আৰু বিকাশ নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে ৰাজ্য জুৰি আৰম্ভ কৰিছে বিকাশ যাত্ৰাৰ । এই যাত্ৰাৰ অধীনত ৰাজ্যজুৰি অসম চৰকাৰে ২৩০০০ কোটিতকৈও অধিক টকা ব্যয়ৰে উন্নয়নমূলক প্ৰকল্প অসমবাসীৰ বাবে উৎসৰ্গা কৰিব । এই প্ৰকল্পসমূহে পথ, দলং, চিকিৎসালয়, বিদ্যালয়, পানী যোগানকে ধৰি বহুতো ক্ষেত্ৰ সামৰি লৈছে । বিকাশ যাত্ৰাৰ লগত সংগতি ৰাখি আজি বোকাখাত সমষ্টিত অসম চৰকাৰৰ কৃষি,পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰায়ো এলানি উন্নয়নমূলক কাৰ্যসূচীৰ শিলান্যাস আৰু ভূমি পূজন সম্পাদন কৰে ৷ আঁচনিৰ অধীনত অতুল বৰাই আজি দিৰিং চাহ বাগিচা,বোকাখাত চাহ বাগিচা, ৰঙাগড়া চাহ বাগিচা, লখৌজান চাহ বাগিচা, বাদুলিপাৰ চাহ বাগিচা আৰু বৰচাপৰি চাহ বাগিচাত জগন্নাথ সামূহিক প্ৰেক্ষাগৃহ আৰু দক্ষতা কেন্দ্ৰৰ লগতে নেপালী গাঁওত এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শিলান্যাস কৰে । ইয়াৰ উপৰিও বোকাখাত উপ জিলাৰ অন্তৰ্গত বাদুলিপাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত নিৰ্মিত এটা ঘৰ পৰিদৰ্শন কৰে ৷
********
                        


                
                
                
                
                
                
                

        
        
        
        
        

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
