শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বোকাখাত বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ সোনালী জয়ন্তী উদযাপন : তিনিদিনীয়া ভাগৱত ব্যাখ্যানুষ্ঠান :

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বোকাখাত বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ সোনালী জয়ন্তী উদযাপন : তিনিদিনীয়া ভাগৱত ব্যাখ্যানুষ্ঠান :
Aiidesh Photo

Aiidesh News  : 27 March 2023  :  

অসমীয়া জাতিক, মানৱ সমাজক একতাৰ ডোলেৰে এক কৰি ৰাখিবলৈ হ'লে সকলোৱে ভাগৱত ধৰ্ম পালন কৰিব লাগিব ৷ একৈশ শতিকাৰ বিজ্ঞানৰ যুগত ক্ষণস্থায়ী ভোগবাদ আৰু বস্তুবাদৰ পৰা আতৰি আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'লেহে অসমীয়া জাতিৰ অস্বিত্ব সুৰক্ষিত হ'ব ৷ আমাক বিজ্ঞান আৰু প্ৰযুক্তি আমাক লাগিব,উঠি অহা প্ৰজন্মকো প্ৰযুক্তিৰ জ্ঞান দিব লাগিব ৷ সেইবুলি তাতেই মজি থাকিলে নহ'ব বুলি বোকাখাতত মন্তব্য কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য ক'লা বিভাগৰ অধ্যাপক ডঃ মৃণাল কুমাৰ বৰুৱাই ৷ 

উত্তৰ পূব ভাৰতৰ সৰ্ব বৃহৎ ধৰ্মীয়, সামাজিক, সাংস্কৃতি, শৈক্ষিক, অৰ্থনৈতিক আৰু অ-ৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এখন অন্যতম শাখা হ'ল বোকাখাত বিষ্ণুপুৰ প্ৰাথমিক শাখা ৷  শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখা আৰু সদৰ আঞ্চলিক শাখাৰ অন্তৰ্গত এই বিষ্ণুপুৰ প্ৰাথমিক শাখাই ১৯৭৪ চনতে প্রতিষ্ঠা লাভ কৰি সম্প্ৰতি সোনালী জয়ন্তীত ভৰি দিছে । চলিত বৰ্ষতে বিষ্ণুপুৰ প্রাথমিক শাখাই সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি কেইবাটিও কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰিছে ৷ চলিত বৰ্ষৰ ২১ জানুৱাৰীত প্ৰাথমিক শাখাৰ নামঘৰত সোনালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান উদযাপনৰ পিচত দ্বিতীয় কাৰ্যসূচী হিচাবে যোৱা ২৪, ২৫ আৰু ২৬ মাৰ্চত তিনিদিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত কৰে ৷ এই অনুষ্ঠানত ২৪ মাৰ্চৰ পুৱা পতাকা উত্তোলনৰ পিছত নাম-প্ৰসঙ্গ অনুষ্ঠিত হয় ৷ পুৱা ১০ বজাত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ শুভ উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ সম্পাদক যতীন লইঙে ৷ পৰৱৰ্তী সময়ত দুই সত্ৰত অনুষ্ঠিত ভাগৱত ব্যাখ্যা আগবঢ়ায় শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ধেমাজি জিলা শাখাৰ প্ৰচাৰ শাখাৰ সম্পাদক নিৰঞ্জন ভূঞাই ৷ দ্বিতীয় দিনা  অনুষ্ঠিত ব্যাখ্যানুষ্ঠানত ব্যাখ্যা আগবঢ়াই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য ক'লা বিভাগৰ অধ্যাপক ডঃ মৃণাল কুমাৰ বৰুৱাই ৷ একেদৰে তৃতীয় দিনা অনুষ্ঠিত হোৱা ব্যাখ্যানুষ্ঠানত ব্যাখ্যা আগবঢ়াই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰাক্তন সংস্কৃতি উপ-সচিব তথা সু-বক্তা কৃষ্ণ কিঙ্কৰ খাটনিয়াৰে ৷ যোৱা তিনিটা দিনত তিনিজন ব্যাখ্যাকাৰৰ আধ্যাত্মিক বক্তব্যই সকলোকে মোহাছন্ন কৰি ৰাখে ৷ 

চলিত বৰ্ষৰ ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা প্ৰাথমিক শাখাটিৰ সোনালী জয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত প্ৰাথমিক শাখাটিৰ মহিলাসকলে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত 'ৰুক্মিণী হৰণ' অঙ্কীয়া নাট মঞ্চস্থ কৰিব বুলি উদ্যোগতা সকলে জনাইছে ৷ ৩০ ডিচেম্বৰৰ পূৰ্বে আৰু কিছু বিশেষ কাৰ্যসূচীও বিষ্ণুপুৰ শাখাই ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে শাখাৰ সোনালী জয়ন্তী উদযাপন সমিতিয়ে ৷

*******