কার্বি আংলঙত সংঘর্ষত ডিএনএলএৰ দুই কেডাৰ নিহত

কার্বি আংলঙত সংঘর্ষত ডিএনএলএৰ দুই কেডাৰ নিহত
কার্বি আংলঙত সংঘর্ষ

কার্বি আংলং জিলাৰ ধনশিৰিত সেনা–আৰক্ষীৰে সংঘর্ষত সন্দেহযুক্ত ডিএনএলএৰ দুই দুর্ধর্ষ কেডাৰ নিহত হয়৷

শুকুৰবাৰে পুৱতিনিশা কার্বি আংলং জিলাৰ ধনশিৰিৰ মুগুলাবদিছা ৰিজার্ভত সন্দেহযুক্ত উগ্রপন্থী দলটোৰে সেনা–আৰক্ষীৰ সংঘর্ষৰ সূত্রপাত হয়৷ সংঘর্ষত দুজন উগ্রপন্থীৰ মৃত্যু হয়৷ ঘটনাস্থলীৰ পৰা সেনা–আৰক্ষীৰ দলে এটা এম ৪ ৰাইফল, ১৬০ জাঁই গুলী আৰু এটা এ কে ৫৬ ৰাইফল, ৪৪ জাঁই সক্রিয় গুলী, দুটা মেগজিন, দুটা ম’বাইল ফোন, দুটা বেগ আৰু দুটা গুলীৰ পাউচ উদ্ধাৰ কৰে৷

সংঘর্ষত নিহত উগ্রপন্থী দুজনক লেফটেনেণ্ট গেদেইন ওৰফে ৰূপচন থাউচেন আৰু এৰিয়া কমাণ্ডাৰ এলৱিন জিগদুঙ ওৰফে কিমজুং বুলি চিনাক্ত কৰা হৈছে৷