হাতী আৰু ইয়াৰ আৱাস সংৰক্ষনৰ বাবে কাৰ্য আঁচনি প্ৰস্তুত কৰাৰ বাবে গঠিত এক উচ্চ পৰ্যায়ৰ সমিতিৰ কাজিৰঙা ভ্ৰমন : কাষৰীয় গাওঁবাসীৰে মত বিনিময় :

Aiidesh News  : 12 September - 2025 :

ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে উত্তৰ পুৰ্বাঞ্চলৰ হাতী মানুহৰ সংঘাতৰ পটভুমি এচিয় প্ৰজাতিৰ হাতী আৰু ইয়াৰ আৱাস সংৰক্ষনৰ বাবে এক ৰাষ্ট্ৰীয় কাৰ্য আঁচনি প্ৰস্তুত কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে ৷ ১০ আৰু ১১ ছেপ্তম্বৰত দুদিনীয়া কাৰ্যসুচীৰে এই সমিতিৰ সদস্য সকলে কাজিৰঙা আৰু ইয়াৰ কাষৰীয় অঞ্চল ভ্ৰমন কৰি স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰাক্তন বন সংমণ্ডল প্ৰাধিকাৰী আৰু প্ৰাক্তন সঞ্চালক বি এছ বনালৰ নেতৃত্বত গঠিত এই সমিতিৰ সদস্য সকল হ’ল মেঘালয় চৰকাৰৰ অৱসৰী মুখ্য বনসংৰক্ষক ভাৰতীয় বন সেৱা বিষয়া পি আৰ মাৰাক, কামজংৰ ডি এফ অ’ নিপোলিয়ান ৰংমাই, নাগালেণ্ডৰ জেষ্ঠ গৱেষণা বিষয়া ইমনাৱাপান জমিৰ আৰু হস্তী প্ৰকল্পক জেষ্ঠ বিজ্ঞানী ড৹ আজু মেথিউ জৰ্জ ৷ এই সমিতিৰ পাঁচজনীয়া সদস্যৰ দলে উত্তৰ পুৰ্বাঞ্চলৰ লগতে ১০ আৰু ১১ ছেপ্তেমবৰত কাজিৰঙা আৰু ইয়াৰ কাষৰীয় অঞ্চল পৰিদৰ্শন কৰি হাতীৰ গতি বিধি আৰু মানুহৰ সৈতে হোৱা সংঘাতৰ পৰ্যবেক্ষণ কৰে ৷ দলটোয়ে ১০ ছেপ্তেম্বৰত কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰ, বৰজুৰি, বৰভেটা গাওঁ , দলামৰাৰ হাতীৰ দণ্ডি, তামুলীপথাৰ , ৰজাগাওঁ ,অগৰাতলি আদি অঞ্চল পৰিদৰ্শন কৰি সম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও স্থানীয় লোক সকলৰ সৈতেও বিষয়টোৰ সম্পৰ্কত মত বিনিময় কৰি পৰামৰ্শ গ্ৰহন কৰে ৷ 

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত কঁহৰাৰ বিভাগীয় সভাগৃহত উত্তৰ-পূব ভাৰতত হাতীৰ বাবে আঞ্চলিক কার্য্য আঁচনি প্রণয়ন সম্পর্কে স্থানীয় লোক, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি গাওঁ প্ৰধান আৰু গাওঁৰক্ষী বাহিনীৰ প্ৰতিনিধিৰ সৈতে আয়োজিত পৰামৰ্শমূলক সভাত বি এছ বনালৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ এই দলটোয়ে অংশগ্ৰহন কৰে ৷ এই সভাত অসম চৰকাৰৰ অতিৰক্ত মুখ্য সচিব এম কে যাদৱ, বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ড৹ বিনয় গুপ্তা, কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষৰ লগতে কাজিৰঙাৰ চৌকাষৰ বন সংমণ্ডল বোৰৰ ডি এফ অ’ আৰু বন বিষয়া, কাষৰীয় বনৰীয়া হাতী অধ্যুষিত ২৩ খন পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি আৰু ৪০ খন গাওঁৰক্ষী বাহিনীৰ প্ৰতিনিধি, বিভিন্ন প্ৰকৃতি সংগঠনৰ প্ৰতিনিধি আৰু বিশেষজ্ঞই অংশ গ্ৰহন কৰে ৷ সভাত গাওঁৰক্ষী বাহিনী আৰু পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ প্ৰতিনিধি আৰু বিশেষজ্ঞই সমিতিৰ আগত হাতী সংৰক্ষণ আৰু সংঘাত প্ৰশমনৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷

**********