চৰ্ত সাপেক্ষে ডিটেনচন কেম্পত থকা বন্দীক মুকলি কৰা হব--উচ্চতম ন্যায়ালয়

চৰ্ত সাপেক্ষে ডিটেনচন কেম্পত থকা বন্দীক মুকলি কৰা  হব--উচ্চতম ন্যায়ালয়
চৰ্ত সাপেক্ষে ডিটেনচন কেম্পত থকা বন্দীক মুকলি কৰা হব

 ৰাজ্যৰ ছয়টা ডিটেনচন কেম্পত দুবছৰ কাল অতিবাহিত কৰা বন্দীক চৰ্ত সাপেক্ষে মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

প্ৰনিধানযোগ্য যে, কৰ'না ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি এটা বেচৰকাৰী সংগঠনে ৰাজ্যৰ ডিটেনচন কেম্পসমূহত বন্দী হৈ থকা লোক সকলক মুকলি কৰি দিয়াৰ বাবে আবেদন দাখিল কৰিছিল। সেই অনুসৰি আজি ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে।

মন কৰিব লগীয়া কথা যে, ইয়াৰ পূৰ্বে ন্যায়ালয়ে বিগত বৰ্ষত তিনি বছৰ কটোৱা বন্দীক চৰ্ত সাপেক্ষে মুক্তি দিয়াৰ নিৰ্দেশ দিছিল। আজি ন্যায়ালয়ে পূৰ্বৰ উক্ত নিৰ্দেশৰ সংশোধন ঘটাই দুবছৰ কাল অতিবাহিত কৰা বন্দীক পাঁচ হাজাৰ টকা আমানত ধন হিচাপে লৈ চৰ্ত সাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে।