ব্ৰহ্মপুত্ৰৰ চাপৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত গৰু ম'হক প্ৰতিষেধক প্ৰদান :

ব্ৰহ্মপুত্ৰৰ চাপৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত গৰু ম'হক প্ৰতিষেধক প্ৰদান :
Aiidesh Photo

Aiidesh News : 22 February - 2024 : 

পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ ভক্তে চাপৰিত আজি চাপৰিটোৰ গৰু ম'হৰ খুটিবোৰত থকা পোহনীয়া গৰু ম'হৰ ৰোগ সংক্ৰমন প্ৰতিৰোধৰ বাবে প্ৰতিষেধক প্ৰদান কৰা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ গালৈ যাতে পোহনীয়া গৰু ম'হৰ পৰা ৰোগ সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত গোলাঘাটৰ পশুচিকিৎসা আৰু পশু কল্যান বিভাগৰ সহযোগত এই প্ৰতিষেধ প্ৰদান অভিযান আৰম্ভ কৰা হয় ৷ 

আজি বোকাখাত উপ জিলাৰ পশুচিকিৎসা আৰু পশু কল্যান বিভাগৰ ৪ গৰাকী পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক আৰু বোকাখাতৰ ক্ষেত্ৰ সহায়ক প্ৰশিক্ষন বিদ্যালয়ত প্ৰশিক্ষন লৈ থকা ১৪ গৰাকী প্ৰশিক্ষাৰ্থী পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কে এই প্ৰতিষেধক প্ৰদান অভিযানত অংশগ্ৰহন কৰে ৷ ২১ ফেব্ৰুৱাৰীৰ বিয়লিৰ পৰা ভক্তে চাপৰিত চলোৱা এই প্ৰতিষেধক প্ৰদান অভিযানত পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক দলটোয়ে ১০৬ টা পোহনীয়া ম'হ আৰু ৩৯০ টা গৰুক লৈ মুঠ ৪৯৬ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হৈ এই অভিযানৰ নেতৃত্ব প্ৰদান কৰে ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণা ডেকা আৰু পৰিবেশ কৰ্মী উত্তম শইকীয়াই ৷ পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক দলটোৰ নেতৃত্ব প্ৰদান কৰে চিন্ময় বৰা, প্ৰিয়ম ভৰালী, কিশোৰ ৰাজবংশী আৰু শিৱাশীৰ্ষ পুজাৰীয়েই ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ২১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা গৰু ম'হৰ প্ৰতিষেধক প্ৰদানৰ এই অভিযানেৰে পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ গাভৰু, লালুং আৰু বিলতীয়া চাপৰিৰ গৰু ম'হকো প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷

**********