চেগুণবাৰী চাহ বাগিছাৰ শ্ৰমিকৰ

চেগুণবাৰী চাহ বাগিছাৰ শ্ৰমিকৰ

মাৰ্ঘেৰিটাঃ বিশ্বজুৰি কৰ’ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সমান্তৰালকৈ এচাম শিক্ষিত মানুহৰ কৰ্ম কাণ্ডই সমাজক চিন্তিত কৰি থকাৰ সময়তে চৰকাৰৰ নীতিক সমৰ্থন জনাই মাৰ্ঘেৰিটা নগৰৰ মাজ মজিয়াত থকা ডিব্ৰুগড় নিবাসী গৌতম বেৰীয়া মালিকাধীন চেগুণবাৰী চাহ বাগিছাৰ শ্ৰমিকে আজি প্ৰদৰ্শন কৰিলে "সামাজিক দূৰত্ব"ৰ এক সুন্দৰ নিদৰ্শন। চৰকাৰৰ নীতি নিৰ্দেশনা মানি বাগিছা কৰ্তৃপক্ষই আজি শ্ৰমিকক প্ৰদান কৰিলে তেওঁ‌লোকৰ পষেকীয়া মজুৰি।

ক’ভিদ - ১৯ মহামাৰীক লক্ষ্য কৰি নিজৰ সুৰক্ষাক আগ স্থান দি চাহ কোম্পানীটোৱে প্ৰত্যেক শ্ৰমিকক চাবোনেৰে হাত ধুই আহি পুনৰ নিজৰ নিজৰ মাজত দুৰত্ব বজাই থিয় হ’বলৈ দিয়া শ্ৰমিক সকলক পৃথকে পৃথকে মজুৰি দিয়া কাৰ্যক সকলো ৰাইজে প্ৰশংসা কৰিছে ৷ বাগিছা খনৰ মূখ্য পৰিচালক সতিশ চন্দ্ৰ ডুগ্গলে আজি শ্ৰমিক সকলে দেখুওৱা তেওঁ‌লোকৰ সচেতনতাৰ শলাগ লৈছে।