কমল বড়াৰ মৃত্যুত টীয়কত শোকৰ বন্যা

কমল বড়াৰ মৃত্যুত  টীয়কত শোকৰ বন্যা

১৯৭৬ চনত স্থাপন হোৱা টীয়ক ব্যৱসায় সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, ১৯৭৮ চনত ব্যৱসায় আৰম্ভ কৰা মা বিবাহ ভৱনৰ স্বত্বাধিকাৰী কমল বড়া (৭৬ ) আজি স্বাস্থ্যজনিত কাৰণত মৃত্যু হয়। বৃহত্তৰ টীয়কৰ সমাজ জীৱনৰ লগত আত্মিক সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হোৱা বিশিষ্ট ব্যৱসায়ীজনৰ মৃত্যুৰ বাতৰি বিযপি পৰাৰ লগে লগে টীয়কত শোঁকৰ ছাঁই বিৰাজ কৰিছে‌।সমগ্ৰ ৰাজ্যত চলি লক ডাউন ব্যৱস্থাৰ বাবে আত্মীয় বহু ব্যক্তি ঘৰৰ পৰা উলাই আহি সৎকাৰৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব পৰা নাই যদিও বিভিন্ন সামাজিক দায়িত্বত থকা ব্যক্তি ঘৰৰ পৰা উলাই আহি সামাজিক ব্যৱধান ৰক্ষা কৰি তেখেতৰ অন্ত্যোষ্টিক্ৰীয়া সম্পন্ন কৰে।শ্ৰদ্ধাঞ্জলি অনূষ্ঠান অনুষ্ঠিত কৰে।টীয়ক পৌৰসভাৰ প্ৰাক্তন সভাপতি ৰফিক উজ জামানে আঁত ধৰা শ্ৰদ্ধাঞ্জললি অনুষ্ঠানত টীয়ক বাণিজ্য সন্থা, টীয়ক জ্যেষ্ঠ নাগৰিক সন্থা, টীয়ক প্ৰেছ ক্লাৱ, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকত আৰু বিশিষ্ট সত্ৰীয়া শিল্পী জনাৰ্দন ভূঞা বৰবায়নৰ লগতে টীয়কৰ বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।মৃত্যুৰ সময়ত ইহসংসাৰৰত তেওঁ তিনিগৰাকী পুত্ৰ সন্তান , বোৱাৰী আৰু নাতি এৰি থৈ গৈছে।