গোলাঘাট জিলাৰ সকলো ই-ৰিক্সা চালকক ড্ৰাইভিং লাইচেঞ্চ , ফিচনেচ চাৰ্টিফিকেটৰ লগতে কৰ আদায় দিবৰ বাবে আহ্বান পৰিবহন বিষয়াৰ :

গোলাঘাট জিলাৰ সকলো ই-ৰিক্সা চালকক ড্ৰাইভিং লাইচেঞ্চ , ফিচনেচ চাৰ্টিফিকেটৰ লগতে কৰ আদায় দিবৰ বাবে আহ্বান পৰিবহন বিষয়াৰ  :

গোলাঘাট জিলাৰ সকলো ই-ৰিক্সা চালকক ড্ৰাইভিং লাইচেঞ্চ , ফিচনেচ চাৰ্টিফিকেটৰ লগতে কৰ আদায় দিবৰ বাবে আহ্বান পৰিবহন বিষয়াৰ  :

Aiidesh News  : 12 July 2023 : 

গোলাঘাট জিলাৰ ই-ৰিক্সা চালকসকলক অতি শীঘ্ৰেই চালকৰ অনুজ্ঞাপত্ৰ বা ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিবলৈ জিলা পৰিবহণ বিষয়াই আহ্বান জনাইছে । গোলাঘাট জিলা পৰিবহণ বিষয়াৰ তৰফৰ পৰা জনোৱা মতে এই আবেদন জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় অথবা অনলাইন যোগেও কৰিব পাৰিব । জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে মতে ই-ৰিক্সা চালকসকলে যানবাহন কৰ আদায় দিয়াটো বাধ্যতামূলক । সেয়েহে জিলাখন সকলো ই ৰিক্সাক অহা ৩১ জুলাইৰ ভিতৰত যানবাহন কৰ আদায় দিবলৈ তেওঁ আহ্বান জনায় । অন্যথা যানবাহন কৰ আদায় নিদিয়া ই-ৰিক্সা চালকৰ বিৰুদ্ধে জৰিমনা বিহা হ'ব বুলিও তেওঁ লগতে অৱগত কৰে । বিষয়া গৰাকীৰ মতে ই-ৰিক্সা চালকসকলে নিজৰ বাহনৰ ফিটনেছ প্ৰমাণপত্ৰও উলিয়াব লাগিব ।

১৫ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত চালকসকলে বিলম্ব হোৱাৰ বাবে দিবলগীয়া জৰিমনাৰ ক্ষেত্ৰত ৰেহাই মূল্যত ফিটনেছ প্ৰমাণপত্ৰ উলিয়াব পাৰিব । অৱশ্যে এই নিয়ম অন্য পৰিবহণ বাহনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব । পৰিবহণ বিষয়াগৰাকীয়ে কেৱল ই-ৰিক্সাৰে নহয়, সকলো পৰিবহণ বাহনৰে ফিটনেছ প্ৰমাণপত্ৰৰ নবীকৰণ কৰাৰ বাবে আহ্বান জনাইছে । 

জিলা পৰিবহন বিভাগৰ পৰা জনোৱা মতে ১৫ জুলাইৰ পৰা দুমাহৰ বাবে কম হাৰত লেট ফাইন দি ফিটনেছ প্ৰমাণপত্ৰৰ নবীকৰণ কৰিব পাৰিব । তিনিচকীয়া পৰিবহণ বাহনৰ ক্ষেত্ৰত দৈনিক ১০ টকা, বাণিজ্যিক ট্ৰেক্টৰৰ ক্ষেত্ৰত দৈনিক ১৫ টকা, চাৰিচকীয়া পৰিবহণ বাহনৰ ক্ষেত্ৰত দৈনিক ২০ টকা আৰু গধুৰ বাণিজ্যিক বাহন / পৰিবহণ বাহন আৰু অন্যান্যৰ ক্ষেত্ৰত দৈনিক ২৫ টকা ধাৰ্য কৰা হৈছে । 

গোলাঘাট জিলাৰ পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে ই-ৰিক্সা চালকসকলৰ লগতে সকলো পৰিবহণ বাহনৰ গৰাকীক নথি-পত্ৰসমূহ সঠিকভাৱে ৰাখি নিজৰ লগতে যাত্ৰীৰ সুৰক্ষাও সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।

******