প্ৰগতিশীল ধাৰাৰ শিল্পী সুদক্ষিনা শৰ্মাৰ মৃত্যুত শোক জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ শোক :

প্ৰগতিশীল ধাৰাৰ শিল্পী সুদক্ষিনা শৰ্মাৰ মৃত্যুত শোক  জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ শোক  :
প্ৰগতিশীল ধাৰাৰ শিল্পী সুদক্ষিনা শৰ্মাৰ মৃত্যুত শোক  জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ শোক  :

প্ৰগতিশীল ধাৰাৰ শিল্পী সুদক্ষিনা শৰ্মাৰ মৃত্যুত শোক  জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ শোক  :

Aiidesh Special : 3 July 2023  :

যোৱা শতিকাৰ পশ্চম দশকত অসমৰ প্ৰগতিশীল ধাৰাৰ সোনালী যুগৰ উজ্বল নক্ষত্ৰ স্বৰূপ সুদক্ষিনা শৰ্মাৰ বিয়েগৰ বাতৰি পাই মৰ্মাহত হৈছো ৷ সেই যুগৰ গননাট্য সংঘ আৰু প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘৰ লগত ওত:প্ৰোত:ভাৱে জড়িত থকা তেতিয়াৰ কণ্ঠ শিল্পী কুইনী হাজৰিকাই জেষ্ঠ ভাতৃ প্ৰয়াত ভূপেন হাজৰিকাৰ লগত মঞ্চত একেলগে গীত পৰিবেশন কৰি এক নচুন যুগৰ সুচনা কৰিছিল ৷ তেওঁৰ স্বামী প্ৰয়াত শিল্পী দিলীপ শৰ্মা আমাৰ সতীৰ্থ সহযোগী আছিল ৷ মনত পৰিছে চীন ভ্ৰমন কৰি দিলীপ শৰ্মাই সমগ্ৰ অসম ভ্ৰমন কৰি গাই ফুৰিছিল 'চীন ভাৰত ভাই ভাই' গীতটো ৷ আমি দিলীপ শৰ্মাৰ এই ভ্ৰমনৰ সংগী আছিলো ৷ কুইনী হাজৰিকা একেধাৰেই শিল্পী আছিল ৷ দিলীপ শৰ্মাৰ লগত বিবাহপাশত বন্ধী হোৱাৰ পৰা কুইনী হ'ল সুদক্ষিনা শৰ্মা ৷ উল্লেখিত দুয়োটা সংঘৰে আমি আছিলো সক্ৰিয় সদস্য ৷ সেই আপাহতে দুয়োৰে সান্নিধ্য লাভৰ সৌভাগ্য হৈছিল ৷

গননাট্য সংঘৰ সেই যুগৰ কন্ঠশিল্পী গৰাকীৰ মৃত্যুয়ে আমাক গভীৰ দুখ দিছে ৷ যুগৰ অন্তিম গৰাকী শিল্পীলৈ শেষ শ্ৰদ্ধা জনালো ৷

এইদেশৰ সংযোজন -

সোমাবাৰৰ পুৱা ৮৯ বছৰ বয়সত বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান ঘটে ।  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সুদক্ষিণা শৰ্মাই । নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল আছিল শিল্পীগৰাকী । আজি পুৱা ৮ বাজি ২৫ মিনিটত দেহাৱসান ঘটে সুদক্ষিণা শৰ্মাৰ ।

সুদক্ষিনা শৰ্মাৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৮ আগষ্টত ৷ তেওঁ আছিল সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ । প্ৰয়াত শিল্পী দিলীপ শৰ্মাৰ পত্নী সুদক্ষিণা শৰ্মাৰ প্ৰকৃত নাম আছিল নিৰুপমা হাজৰিকা । কুইনী হাজৰিকা নামেৰেও জনপ্ৰিয় আছিল তেওঁ ৷ জ্যোতিপ্ৰসাদ আগৰৱালাই দিছিল কুইনী নাম। দিলীপ শৰ্মাৰ লগত বিবাহৰ পিচত শহুৰেক দীননাথ শৰ্মাই দিছিল সুদক্ষিণা শৰ্মা নামটো । ১০ বছৰ বয়সতে কলকাতাত ‘নাহৰ ফুলে নুশুৱাই’ গীতটো বাণীবদ্ধ কৰিছিল সুদক্ষিণা শৰ্মাই । ইয়াৰ ‘বিশ্বৰ ছন্দে ছন্দে’ সহ বহু কালজয়ী গীতত কন্ঠদান কৰিছিল । ২০০২ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল সুদক্ষিণা শৰ্মাই। ২০০৮ চনত লাভ কৰিছিল লিঅ’ এক্সপ’ সন্মান । ২০১০ চনত ‘চাতক’ সন্মান লাভ কৰিছিল শিল্পীগৰাকীয়ে ।

সুদক্ষিণা শৰ্মাই সন্দিকৈ মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰিছিল ৷ বিষ্ণু প্ৰসাদ ৰাভাৰ তত্বাৱধানত তেওঁ সংগীত জীৱন আৰম্ভ কৰিছিল । মণিৰাম দেৱান, চিকমিক বিজুলী আদি ছবিত কণ্ঠদান কৰিছিল সুদক্ষিণা শৰ্মাই ।

**********