কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয় অঞ্চল পশুধনক বিনামুলীয়া প্ৰতিষেধক প্ৰদান অভিযানৰ সফল সামৰণী : ৩২৩৭ টা পৰিয়ালৰ মুঠ ১৭ হেজাৰ ৮০০ পশুধনক প্ৰতিষেধক প্ৰদান :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয় অঞ্চল পশুধনক বিনামুলীয়া প্ৰতিষেধক প্ৰদান অভিযানৰ সফল সামৰণী : ৩২৩৭ টা পৰিয়ালৰ মুঠ ১৭ হেজাৰ ৮০০ পশুধনক প্ৰতিষেধক প্ৰদান  :
Aiidesh Photo

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয় অঞ্চল পশুধনক বিনামুলীয়া প্ৰতিষেধক প্ৰদান অভিযানৰ সফল সামৰণী : শতাধিক গাওঁৰ ৩২৩৭ টা পৰিয়ালৰ মুঠ ১৭ হেজাৰ ৮০০ পশুধনক প্ৰতিষেধক প্ৰদান  :

Aiidesh News  : 23 June : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁবোৰৰ পশুধনক বছৰি বিনামুলীয়া  প্ৰতিষেধক প্ৰদানৰ কাম চলিত বৰ্ষতো সফলতাৰে সমাপ্ত কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ৰাজ্যৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ পাঁচটা বনাঞ্চলৰ সমীপৰ শতাধিক গাওঁৰ মুঠ ৩২৩৭ টা পৰিয়ালৰ মুঠ ১৭ হেজাৰ ৮০০ পশুধনক প্ৰতিষেধক প্ৰদান কৰে উদ্যান কৰ্তৃপক্ষই ৷ 

ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, ভুমি, কৰবেট ফাইণ্ডেচন আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত কাষৰীয় গাওঁবোৰৰ এই পশু ধনৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ যোৱা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিষেধক প্ৰদান অভিযান যোৱা তিনি মাহে চলাই থকাৰ শেষত চলিত মাহত সফলতাৰে সামৰণি পৰে ৷ 

বাৰিষা গৰু ম'হৰ সচৰাচৰ দেখা দিয়া খুৰা ফটা,  চবকা আৰু জহৰবাত ৰোগক প্ৰতিহত কৰিব পৰাকৈয়ে ট্ৰায়' ভেক নামৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ প্ৰতিবছৰৰ দৰে এইবাৰো কাষৰীয় গাওঁৰ উপৰিও নদীপৰীয়া চাপৰিবোৰৰ গৰু ম'হকো এই প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এই অভিযানত বোকাখাত আৰু কলিয়াবৰ মহকুমাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ পশু চিকিৎসকৰ দল আৰু তেওঁলোকৰ ক্ষেত্ৰ সহায়ক সকলে সহায় কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত আৰু অগৰাতলি বনাঞ্চত প্ৰকৃতি সংগঠন ভুমি, কহঁৰা বনাঞ্চলত কৰবেট ফাউণ্ডেচন, বাগৰি বনাঞ্চলত বিশ্ব প্ৰকৃতি নিধি আৰু বুঢ়াপাহাৰ বনাঞ্চলত প্ৰকৃতি সংগঠন আৰণ্যকৰ স্বেচ্ছাসেৱকৰ সকলেও  প্ৰতিষেধক প্ৰদান অভিযানত সহায় কৰে ৷ 

এই অভিযানত ১৭ হেজাৰ ৮০০ পশুধনত প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰয়োজন হোৱা ট্ৰায়' ভেক নামৰ প্ৰতিষেধক উদ্যান কৰ্তৃপক্ষই ক্ৰয় কৰাৰ উপৰিও কিছু সংখ্যক প্ৰতেষেধক বিশ্ব প্ৰকৃতি নিধেয়েও ক্ৰয় কৰি উদ্যান কৰ্তৃপক্ষক সহায় কৰে ৷ উল্লেখ্য যে কাষৰীয় গাওঁবোৰৰ গৰু ম'হক প্ৰতিষেধক প্ৰদানৰ এই অভিযান প্ৰতি বছৰেই চলাই আহিছে উদ্যান কৰ্তৃপক্ষই ৷ এই অভিযানৰ দ্বাৰা কাষৰীয় গাওঁৰ পশু ধনৰ কল্যান হোৱাৰ উপৰিও কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবেও নিৰাপত্তা প্ৰদান কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই পশু ধনৰ প্ৰতিষেধক প্ৰদান অভিযানৰ সম্পৰ্কত আজি বোকাখাতস্থিত বনসংমণ্ডল কাৰ্যালয় এই সংক্ৰান্তত এক পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হয় ৷ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী, বনাঞ্চলিক বিষয়া সকল আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ পশু চিকিৎসক ডা৹ কৰুণা ডেকাৰ উপৰিও প্ৰকৃতি সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে ৷ প্ৰতিষেধ প্ৰদানত সহযোগিতা কৰাৰ বাবে পশু পালন আৰু পশুচিকিৎসা বিভাগৰ বোকাখাত আৰু কলিয়াবৰৰ পশু চিকিৎসা বিভাগক ৰমেশ কুমাৰ গগৈয়ে ধন্যবাদ জনায় ৷

*******