উত্তৰ পুৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে কাজিৰঙাত ''স্বচ্ছতা গ্রীণ লিফ ৰেটিং ছিষ্টম'ৰ শুভাৰম্ভ : মতবিনিময় আৰু সজাগতা :

উত্তৰ পুৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে কাজিৰঙাত ''স্বচ্ছতা গ্রীণ লিফ ৰেটিং ছিষ্টম'ৰ শুভাৰম্ভ  :  মতবিনিময় আৰু সজাগতা  :
Aiidesh Photo
উত্তৰ পুৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে কাজিৰঙাত ''স্বচ্ছতা গ্রীণ লিফ ৰেটিং ছিষ্টম'ৰ শুভাৰম্ভ  :  মতবিনিময় আৰু সজাগতা  :

Aiidesh News  : 24 February 2024  :

কেন্দ্ৰীয় জল শক্তি মন্ত্রালয় আৰু ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা ২০২৩ চনৰ ১৪ ডিচেম্বৰত যুটীয়াভাৱে ''স্বচ্ছতা গ্রীণ লিফ ৰেটিং ছিষ্টম' দেশৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰত আৰম্ভ কৰা হৈছিল । এই ৰেটিং প্ৰণালীৰ জড়িয়তে পৰ্যটন নিৱাস, হোটেল, আৰু হোমষ্টেবোৰে তেওঁলোকৰ বাবে উপলব্ধ অনাময় সম্পর্কীয় আন্তঃগাঁথনিৰ স্ব-মূল্যায়ন কৰি সেইবোৰৰ ৰেটিং স্থানীয় প্রশাসনৰ ওচৰত দাখিল কৰিব লাগিব । জিলা প্রশাসনে সংগৃহীত এই ৰেটিং তথ্যসমূহ পৰীক্ষা কৰি আৰু তেওঁলোকে লাভ কৰা নম্বৰৰ ভিত্তিত সংশ্লিষ্ট পৰ্যটন নিৱাস, হোটেল আৰু হোমষ্টেৰ স্বত্বাধিকাৰ সকলক বিভিন্ন মানৰ গ্রীণ লিফ ৰেটিং প্রদান কৰি মান্যতাৰ স্বীকৃতি প্ৰদান কৰিব ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় অঞ্চল অনাময় ব্যৱস্থাৰে প্ৰদুষন মুক্ত কৰি ৰাখিবৰ বাবে কাজিৰঙাত যোৱা ২২ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে 'স্বচ্ছতা গ্রীণ লিফ ৰেটিং ছিষ্টম' নামৰ এই ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয় । উত্তৰ পুৰ্বাঞ্চলৰ ভিতৰত কাজিৰঙাতেই প্ৰথম বাৰৰ বাবে এই ব্যৱস্থা আৰম্ভ কৰা হয় ৷ এই উপলক্ষে কাজিৰঙাত আয়োজিত এক বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰ জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ সচিব বিন্নি মহাজনে এই বিশেষ অনাময় পদ্ধতি উদ্বোধন কৰে । অনুষ্ঠানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় অঞ্চলৰ পৰ্যটন নিৱাস,  হোটেল আৰু হোমষ্টে সমুহৰ স্বত্বাধিকাৰ সকলৰ লগতে বন বিষয়া সকলো উপস্থিত থাকে ৷ অনাময়ৰ এই বিশেষ ব্যৱস্থাত স্থান নিৰূপক প্ৰণালীৰ অংশ হিচাবে অনুষ্ঠানত  পর্যটন খণ্ডত সুৰক্ষিত অনাময় পদ্ধতিৰ ব্যৱহাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বহনক্ষম পৰ্যটন পদ্ধতিৰ প্ৰচাৰৰ গুৰুত্বৰ বিষয়ে আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে মত-বিনিময়ৰ ব্যৱস্থা কৰা হয় ৷

মত-বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্রালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ সচিব বিন্নি মহাজনে মল-মূত্ৰৰ ব্যৱস্থাপনা, গোটা আৱৰ্জনা আৰু পনীয়া আৱৰ্জনাৰ ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ত পৰামৰ্শ আগবঢ়ায় । মত বিনিময়ত পৰ্যটন নিৱাসৰ স্বত্বাধিকাৰী সকলে কাজিৰঙা আৰু ইয়াৰ কাষৰীয় অঞ্চলত আৱৰ্জনা নিয়ন্ত্রণৰ বাবে থাকিব লগা বিভাগীয় আন্তঃগাঁথনিৰ অভাৱৰ বিষয়ে অৱগত কৰে ৷ উত্তৰত গোলাঘাটৰ জিলা প্রশাসনে বিভিন্ন প্ৰকাৰৰ কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বাবে বোকাখাত পৌৰ সভাৰ অধীনত সামগ্ৰী পুনৰুদ্ধাৰ সুবিধাৰ বাবে প্ৰকল্প নিৰ্মান কৰা আৰু আৱৰ্জনা সংগ্ৰহ বাহনৰ জৰিয়তে পৰ্যটন নিৱাস তথা হোটেলৰ পৰা আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে ৷

বৈঠকত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব তথা জল জীৱন মিছনৰ পৰিচালনা সঞ্চালক, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত তথা অসমত স্বচ্ছ ভাৰত মিছন (গ্রামীণ)ৰ মিছন সঞ্চালক গোলাঘাটৰ আৰু নগাওঁৰ জিলা আয়ুক্তৰ লগতে ৰাজ্যিক তথা স্থানীয় জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ।

********