আজিৰে পৰা অসমত আৰম্ভ নহয় “ৰেপিড এন্টিবডী টেষ্ট”- ড০ হিমন্ত বিশ্ব শৰ্মা

আজিৰে পৰা অসমত আৰম্ভ নহয় “ৰেপিড এন্টিবডী টেষ্ট”- ড০ হিমন্ত বিশ্ব শৰ্মা

আজিৰে পৰা অসমত আৰম্ভ নহয় “ৰেপিড এন্টিবডী টেষ্ট”- ড০ হিমন্ত বিশ্ব শৰ্মা
ৰেপিড এন্টিবডী টেষ্ট

আজি ২২ এপ্ৰিলৰ পৰা ৰাজ্যত “ৰেপিড এন্টিবডী টেষ্ট” আৰম্ভ কৰাৰ  কথা আছিল যদিও শেহতীয়াকৈ ICMR য়ে আগন্তুক দুটা দিনৰ বাবে এই কীট ব্যৱহাৰ কৰিব নালাগে বুলি প্ৰকাশ কৰিছে । তেওঁলোকে এই সমূহ ৰেপিড টেষ্ট কীট পৰীক্ষাৰ অন্ততহে পৰৱৰ্তী নিৰ্দেশ প্ৰদান কৰিব বুলিও আজি এক সংবাদমেল যোগে প্ৰকাশ কৰে। যিহেতু চীনৰ পৰা অহা এই ৰেপিড টেষ্ট কীটৰ ফলাফল ৰাজ্যভেদে বেলেগ বেলেগ আহিছে, সেইবাবেই ICMR ৰ তৰফৰ পৰা এই আহ্বান জনাইছে ।

যাৰ পাছতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২ দিনলৈ অসমত  “ৰেপিড এন্টিবডী টেষ্ট” আৰম্ভ নহয় বুলি মন্তব্য কৰিছে । উল্লেখ্য যে ভাৰত চৰকাৰে ৯৬০০ টা এনে “ৰেপিড এন্টিবডী টেষ্ট” সঁজুলি অসমক প্ৰদান কৰিছে ৷ এনে পৰীক্ষা প্ৰমাণক্ষম নহয় যদিও নিয়ন্ত্ৰিত অঞ্চলসমূহত থকা লোকৰ পৰীক্ষণৰ বাবে এই সঁজুলি অতি উপযোগী ৷ কিয়নো ১৫ মিনিটৰ ভিতৰতে এই পৰীক্ষাৰ ফলাফল চাব পাৰি৷