বিশ্ব গঁড় দিৱসৰ দিনাই বন বিভাগৰ উদ্যোগত বোকাখাতত জ্বলাই দিয়া হ'ল দুই সহস্ৰাধিক গঁড়ৰ খৰ্গ |

বোকাখাতৰ ৰাজহুৱা খেল পথাৰতেই আজি বিশ্ব গঁড় দিৱসৰ দিনা বন বিভাগৰ উদ্যোগত প্ৰথম বাৰৰ বাবে ৰাজহুৱাকৈ দাহ কৰা হ'ল ২৪৭৯ টাকৈ গঁড়ৰ খৰ্গ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ উপস্থিতিত সম্পুৰ্ণ বৈদিক মন্ত্ৰ উচ্চাৰণ আৰু উচ্চ প্ৰযুক্তিৰে বিশ্বত প্ৰথম বাৰৰ বাবে সহস্ৰাধিক গঁড়ৰ খৰ্গ দাহ কৰা হয় ৷ আজিপুৱা বিশ্ব গঁড় দিৱসৰ দিনাই ৰাজ্যৰ ৮ টাকৈ স্থানৰ পৰা সংগ্ৰহ কৰি অনা ২৪৭৯ টা গঁড়ৰ খৰ্গ ৬ টা লোৰ চুল্লাত ৰাখি ইন্ধন গেছৰ সহায়ত বন বিভাগে সমবেত ৰাইজৰ সন্মুখত দাহ কৰে ৷ এই উদ্দেশ্যৰে পুৱাৰে পৰা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত সম্পুৰ্ণ বৈদিক পুজা অৰ্চনাও কৰা হয় ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,  কৃষি মন্ত্ৰী অতুল বৰা,  জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত,  বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী চুমু ৰংহাংৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ৷ অনুষ্ঠানত দাহ কৰিব লগা গঁড়ৰ খৰ্গত আহুতি প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সংগৃহীত খৰ্গৰ পৰা ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লগীয়া ৯৪ টা গঁড় খৰ্গৰ মাজৰ সৰ্বাধিক উচ্চ আৰু সৰ্বাধিক ওজনৰ গঁড়ৰ খৰ্গ ৰাইজৰ আগত দাঙি ধৰে ৷ খৰ্গ দাহৰ বাবে ব্যৱহাৰ কৰা উচ্চ প্ৰযুক্তিৰ দ্ৰোণৰ চুইচ অন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে গঁড় খৰ্গত অগ্নি সংযোগ কৰে ৷ ইয়াৰ পিচতেই নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে গঁড়ৰ খৰ্গ যে মুল্যহীন আৰু গঁড়ৰ খৰ্গৰ ব্যৱসায়ক যে অসমে সমৰ্থন নকৰে তাক সমগ্ৰ বিশ্বৰ আগত ডাঙি ধৰে বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত অসম আৰক্ষীৰ তৰফৰ পৰা গুলী ফুটাই গঁড়ৰ খৰ্গ দাহৰ প্ৰতি অভিবাদন জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাইয়ো ভাষণ প্ৰদান কৰাৰ লগতে অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে বন বিভাগৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন এম কে যাদৱে ৷ উল্লেখ্য যে দাহ কৰা খৰ্গ সমুহ এক উচ্চস্তৰীয় সমিতিয়ে গঁড়ৰ খৰ্গ সমুহ পৰীক্ষা কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন বিভাগে ১৯৭২ চনৰ বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ ৩৯ নং ধাৰাৰ অধীনত এই গঁড়ৰ খৰ্গসমূহ জ্বলাই নষ্ট কৰাৰ সিধান্ত গ্ৰহন কৰিছিল । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতে বিভাগটোৱে যোৱা ২৯ আগষ্টত অসম বন বিদ্যালয়ত এক ৰাজহুৱা শুনানিও অনুষ্ঠিত কৰিছিল ।