বোকাখাতৰ লখৌজানত এজন যুৱকৰ আত্মহনন : চাইবাৰ অপৰাধী চক্ৰৰৰ বলি হোৱাৰ সন্দেহ স্থানীয় লোকৰ :

বোকাখাতৰ লখৌজানত এজন যুৱকৰ আত্মহনন : চাইবাৰ অপৰাধী চক্ৰৰৰ বলি হোৱাৰ সন্দেহ স্থানীয় লোকৰ :
Collected photo

Aiidesh News : 21 March - 2026 :

বোকাখাত সমজিলাৰ লখৌজানৰ এজন যুৱকে যোৱা নিশা চিপ লৈ আত্মহত্যা কৰে। আজি পুৱা স্থানীয় লোকেৱচিপ লৈ ওলমি থকা যুৱক জন প্ৰত্যক্ষ কৰি বোকাখাতৰ আৰক্ষীক অৱগত কৰে । আত্মহত্যা কৰা যুৱকজনৰ নাম বাবলু গোৱলা বুলি জানিব পৰা গৈছে । স্থানীয় লোকে জনোৱা মতে প্ৰয়াত গোলাপ গোৱলাৰ পুত্ৰ বাবলুয়ে ট্ৰাকত মাল ভৰোৱা আদি দিন হাজিৰা কৰা ইপৰিও পঞ্চায়তৰ পৰা লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ । এই ধনক লৈ তেওঁ এয়াৰটেল বেংকত প্ৰায় ৬৬ হেজাৰৰো অধিক টকা জমা আছিল। বাসগৃহ নিৰ্মানৰ কামো চলি আছিল । শুক্ৰবাৰৰ দিনা বাবলু গোৱলালৈ এটা ফোন কল আহিছিল আৰু কিবা কিবি কথা হোৱাৰ পিচত তেওঁলৈ এটা অ’ টি পি প্ৰেৰণ কৰি অ’ টি পি টো দিবৰ বাবে অচিনাকী লোকজনে কৈছিল। সেইমতেই বাবলু গোৱলাই অ’ টি পি টো দি দিছিল। তাৰ কিছু সময়ৰ পিচতেই উদং হৈ পৰিছিল বাবলু গোৱলাৰ এয়াৰটেল পেমেন্ট বেংকত থকা সঞ্চিত সমুদায় ধন । এই ধনৰাশিতে আছিল ধাৰ পৰিশোধ কৰিবলৈ থকা কিস্তিৰ ধনো। সমস্ত ধন হেৰুৱাই দিশহাৰা হৈ পৰিছিল বাবলু গোৱলা । ইয়াৰ পিচতেই বাবলু গোৱলাই নিশালৈ আত্মহত্যাৰ পথ বাচি লোৱা বুলি স্থানীয় লোকে সন্ধেহ কৰিছে । কিয়নো এয়াৰটেল পেমেন্ট বংকত থকা সমুদায় সঞ্চিত ধন লুটি নিয়াৰ পিচত দিশহাৰা হৈ পৰা যুৱক জনে দুই এজনক বিষয়টো অৱগত কৰিছিল । আজি পুৱা দণ্ডাধীশৰ উপস্থিতিত যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । বাবলু গোৱালাৰ এই কৰুণ আত্মহননে সম্প্ৰতি জোকাৰি গৈছে সকলোকে।