বোকাখাতত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা :

বোকাখাতত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা  :
Aiidesh Photo
বোকাখাতত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা  :

Aiidesh News  : 7 July - 2025  :

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ৬ জুলাইত বোকাখাতৰ সাধনী ভৱনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই উপলক্ষে পুৱা সন্থাৰ পতাকা উত্তোলন কৰে বোকাখাত মহকুমা চুতীয়া ছাত্র সন্থাৰ সভাপতি গিমে মন্টু শইকীয়াই ৷ স্মৃতি তর্পন কৰে বোকাখাত মহকুমা চুতীয়া ছাত্র সন্থাৰ সম্পাদক গিমে লাচিত কাকতিয়ে আৰু বন্তি প্রজ্বলন কৰে বোকাখাত মহকুমা চুতীয়া ছাত্র সন্থাৰ উপ-সভাপতি গিমে ৰিকি শইকীয়াই ৷ পৰৱৰ্তী সময়ত মন্টু শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ বিভা বৰা, লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, যমুনামুখ মহাবিদ্যালয়ৰ সদ্য নিযুক্ত অধ্যক্ষ ড৹ জয়ন্ত দাস, মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, সম্পাদক নীলু আচাৰ্য, অধ্যাপক শশাংক ধৱল শইকীয়া, প্ৰশান্ত শইকীয়া,  চৰকাৰী কৰ্মচাৰী সন্থাৰ সম্পাদক অসীম বৰা,  জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সম্পাদক ৰূদ্ৰ ছেত্ৰী, 

অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানতে বোকাখাত সম জিলাৰ চুতীয়া ছাত্ৰ ছাত্ৰীৰ ভিতৰত ২০২৫ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লৈ উৰ্তীণ হোৱা বেষ্ট একাডেমিৰ ছাত্ৰী ত্ৰিদিষ্ণা বৰাক প্ৰয়াত প্ৰমিলা বৰুৱা সোঁৱৰনী শৈক্ষিক বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান কৰে প্ৰয়াত প্ৰমিলা বৰুৱাৰ নাতি পঙ্কজ বৰুৱাই ৷ একেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰলৈ সুখ্যাতিৰে উতীৰ্ণ হোৱা বোকাখাত খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰ ৰিপুঞ্জয় বৰাক প্ৰেৰণাময়ী অন্নদা শইকীয়া সোঁৱৰনী শৈক্ষিক বঁটা প্ৰদান কৰা হয় ৷ প্ৰয়াত অন্নদা শইকীয়াৰ পৰিয়ালৰ হৈ কনিষ্ঠ পুত্ৰ সঞ্জীৱ শইকীয়া আৰু তেওঁ পৰিবাৰ পপী শইকীয়াই ৰিপুঞ্জয় বৰাক সঁফুৰা, মানপত্ৰ আৰু নগদ ধনৰ এই বঁটা প্ৰদান কৰে ৷ বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উতীৰ্ণ ২৫ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৫ গৰাকী চুতীয়া ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয় ৷ 

**********