কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব শগুন সংৰক্ষণ আৰু সজাগতা দিৱস উদযাপন :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব শগুন সংৰক্ষণ আৰু সজাগতা দিৱস উদযাপন  : 

Aiidesh News  : 2 September  2023  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত ২ চেপ্তেম্বৰত আন্ত:ৰাষ্ট্ৰীয় শগুন সংৰক্ষন আৰু সজাগতা দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ পৰমানন্দ লাহন প্ৰক্ষাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' অৰুণ বিঘ্নেশ, অৱসৰ প্ৰাপ্ত গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, চেলক' ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া ড৹ সীমান্ত কলিতা, জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলী, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সকলৰ উপৰিও বনকৰ্মী আৰু স্থানীয় ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে ৷ 

অনুষ্ঠানত সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি বিশ্ব প্ৰকৃতি নিধিৰ চিকাৰী চৰাই সংৰক্ষণ প্ৰকল্পৰ জেষ্ঠ প্ৰকল্প বিষয়া ড৹ নীলোৎপল মহন্ত আৰু সহকাৰী সমন্বয়ক পশুচিকিৎসক ডা৹ খনীন চাংমাইয়ে সমসাময়িক পটভুমিত শগুন আৰু শগুনৰ আৱাস সংৰক্ষণ, চিকাৰী চৰাইৰ চিনাক্তকৰণৰ কৰা লগতে পশুধনৰ চিকিৎসা, মৰাশৰ ব্যৱস্থাপনা, পশু চিকিৎসাত ঔষধৰ ব্যৱহাৰৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে মনোজ্ঞ আলোচনা কৰে ৷ ইয়াৰ উপৰিও কৰবেট ফাউণ্ডেচনৰ ডা৹ নবীন পাণ্ডে আৰু ডি এফ অ' অৰুণ বিঘ্নেশে শগুন সংৰক্ষণৰ ক্ষেত্ৰত বনকৰ্মী আৰু সৰ্ব সাধাৰণৰ কৰনীয় সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত অংশ গ্ৰহনকাৰী নৱ নিযুক্ত বনকৰ্মী সকলে সমল ব্যক্তি সকলৰ লগত মত বিনিময়ো কৰে ৷ সভাৰ শেষত বন বিভাগৰ হৈ তৰুণ গগৈয়ে শলাগৰ শৰাই আগবঢ়ায় ৷ 

**************