সদৌ গোলাঘাট জিলা ভিত্তিত ৬৮ সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ২০২৪-২৫ খেলৰ বাবে বোকাখাতত বাচনি শিৱিৰ :

Someswar Patgiri : Aiidesh News :  20 October 2024 : 

বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিত সদৌ গোলাঘাট জিলা ভিত্তিত বিদ্যালয় পৰ্যায়ৰ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱাণ্ডোত প্ৰতিনিধিত্ব কৰিবলৈ আজি এক বাচনি শিৱিৰ অনুস্থিত হয় । অনুষ্ঠানটোত গোলাঘাট জিলা টাইকোৱাণ্ডো সন্থাৰ আয়োজক সমিতিৰ সভাপতি আকাশ ফুকন, সম্পাদক সঞ্জীৱ শইকীয়া,   ৰেৱ গগৈ, সুদূৰ ডিব্ৰুগড়ৰৰ পৰা অহা টাইকোৱাণ্ডোৰ প্ৰশিক্ষক বিমল চন্দ্ৰ গগৈকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি শুভাৰম্ভণি কৰে । 

বাচনি শিৱিৰত গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা টাইকোৱাণ্ডো ক্লাবৰ প্ৰতিযোগী সকলে অংশগ্ৰহন কৰাৰ লগতে গোলাঘাট টাইকোৱাণ্ডো একাডেমী, বোকাখাত টাইকোৱাণ্ডো একাডেমী, আৰু কঁহৰাৰ ইংস্পয়াৰ টাইকোৱাণ্ডো একাডেমীৰ প্ৰায় ৮০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে ।