ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ ব্যতিক্ৰমি কাৰ্য্যসূচী

ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ ব্যতিক্ৰমি কাৰ্য্যসূচী

কৰোনা আতংক লকডাউনৰ মাজতে এতিয়া গ্ৰাম্যাঞ্চলৰ চহা কৃষক ৰাইজ ব্যস্ত খেতি পথাৰত ৷ বাৰিষাৰ বোকাময় পথাৰৰ কেঁছা মাতিৰ গোন্ধত আপোন পাহৰা এতিয়া প্ৰতিজন কৃষক ৷ গুছি গুছিকৈ বোকাময় পথাৰত ভৱিষ্যতৰ সোনালী সপোন গুজি দিবলৈ প্ৰতিজন কৃষকে চহায় মৈয়াই সাজু কৰিছে আপোন পথাৰখন ৷ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ চহা কৃষকৰ আটাইতকৈ আশাৰ এই সময় কনত ঘৰত বহি থকা নাই ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সদস্য সকলো ৷ মহকুমাটোৰ ছাত্ৰ কৰ্মী সকলে গোট বান্ধি নামি পৰিছে খেতি পথাৰত ৷ মহকুমাটোৰ ৮ খনকৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে কেইবাটাও গোট বান্ধি ছাত্ৰ কৰ্মী আৰু ছাত্ৰ সন্থাৰ শুভাকাংক্ষী সকলৰ ঘৰে ঘৰে গৈ পথাৰত কৃষি কাৰ্য্যত সহযোগীতা আগবঢ়াইছে ৷ সংগঠনটোৰ সদস্য সকলে কৃষি কাৰ্য্যত সহযোগ কৰাৰ লগতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহন কৰা নতুন ভুমি নীতিৰ সন্দৰ্ভত কৃষক ৰাইজৰ মাজত প্ৰতিবাদো সাব্যস্ত কৰিছে ৷ হালোৱা হজোৱাৰ ৰূপত আছুকৰ্মীসকলে জ্যোতি -বিষ্ণুৰ বিপ্লৱী গীতেৰে মূখৰিত কৰি তোলে কৃষি পথাৰ ৷ খিলঞ্জীয়াৰ ভূমি অধিকাৰ অক্ষুন্ন ৰাখি বজাৰ আৰু পথাৰ দখল কৰাৰ সংকল্পৰে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ নেতৃত্বত এইদৰে খেতি পথাৰত নামি এক ব্যতিক্ৰমী সংগ্ৰামৰ পথ গ্ৰহন কৰা পৰিলক্ষিত হয় ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সদস্য সকলক ৷ উল্লেখ্য যে বিগত প্ৰায় ১০ দিন ধৰি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সদস্য সকলে মহকুমাটোৰ বিভিন্ন অঞ্চলৰ কৃষকৰ পথাৰত শ্ৰমদান কৰি কৃষি কৰ্মত জৰিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ ছাত্ৰ সংগঠনটোৰ এনে পদক্ষেপক আদৰনী জনাইছে বিভিন্নজনে ৷