বিস্তৃত কাৰ্যসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় ব্যঘ্ৰ দিৱস উদযাপন : দিল্লীত কাজিৰঙাৰ চাৰি গৰাকী বনকৰ্মী সাহসিকতাৰ বঁটা :

বিস্তৃত কাৰ্যসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় ব্যঘ্ৰ দিৱস উদযাপন :  দিল্লীত কাজিৰঙাৰ চাৰি গৰাকী বনকৰ্মী সাহসিকতাৰ বঁটা  :
Aiidesh Photo
বিস্তৃত কাৰ্যসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় ব্যঘ্ৰ দিৱস উদযাপন :  দিল্লীত কাজিৰঙাৰ চাৰি গৰাকী বনকৰ্মী সাহসিকতাৰ বঁটা  :
বিস্তৃত কাৰ্যসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় ব্যঘ্ৰ দিৱস উদযাপন :  দিল্লীত কাজিৰঙাৰ চাৰি গৰাকী বনকৰ্মী সাহসিকতাৰ বঁটা  :
বিস্তৃত কাৰ্যসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় ব্যঘ্ৰ দিৱস উদযাপন :  দিল্লীত কাজিৰঙাৰ চাৰি গৰাকী বনকৰ্মী সাহসিকতাৰ বঁটা  :

Aiidesh News  :  29 July - 2024  : 

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিস্তৃত কাৰ্যসুচীৰে আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন বনাঞ্চলত আজি বিভিন্ন কাৰ্যসুচীৰে এই দিৱস পালন কৰা হয় ৷ 

ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ লতাবাৰী আহোমগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত আয়োজিত সজাগতা সভাত অঞ্চলটোৰ চাৰিখন বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ পৰিবেশ কৰ্মী উত্তম শইকীয়াই আঁত এই সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ বন সংৰক্ষক ঋতুপৱন বৰা, অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, গাওঁ প্ৰধান ৰাজু ৰাজোৱাৰ, প্ৰধান শিক্ষক ৰামচন্দ্ৰ দৰা আৰু গৱেষিকা মনিষা আশ্ৰফে অংশ গ্ৰহন কৰে ৷ সজাগতা সভাত বাঘৰ প্ৰয়োজনীয়তাৰ লগতে বিভিন্ন বাঘৰ সচিত্ৰ উপস্থাপনো কৰা হয় ৷

পৰৱৰ্তী সময়ত বোকাখাত চাহ বাগিছাত কৰ্মৰত শ্ৰমিক মাজত চাহ বাগিছাতে বাঘ সংৰক্ষণৰ সজাগতা অনুষ্ঠান কৰা হয় ৷ অনুষ্ঠানত বাঘ সংৰক্ষণৰ গুৰুত্ব আৰু চাহ বাগিছা সচৰাচ দেখা পোৱা নাহৰফুটুকী বাঘ,  হেঁপা, লতামেকুৰী বাঘ, শিয়ালৰ লগতে ঢেকীয়াপতীয়া বাঘৰ চিত্ৰ প্ৰদৰ্শন কৰি চাহ শ্ৰমিক সকলক পৰিচয় কৰাই দিয়া হয় ৷ চাহ শ্ৰমিক সকলৰ বাবে আকৰ্ষনীয় হৈ উঠা এই অনুষ্ঠানত বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, পৰিবেশ কৰ্মী উত্তম শইকীয়া, যুৱ নেতা ভাস্কৰ কালিন্দী, মনিষা আশ্ৰফৰ লগতে বাগিছাখনৰ পৰিচালক,সহকাৰী পৰিচালক, কল্যান বিষয়াৰ উপৰিও চাহ কৰ্মচাৰী আৰু শতাধিক শ্ৰমিকে অংশ গ্ৰহন কৰে ৷ 

ইফালে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যাগত বুঢ়াপাহাৰ , বাগৰি, কাজিৰঙা বনাঞ্চলৰ  বিশ্বনাথ  বন সংমণ্ডল আৰু নগাওঁ বনসংমণ্ডলটো আন্ত: ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস বিভিন্ন কাৰ্যসুচীৰে উদযাপন কৰা হয় ৷ এই লানি কাৰ্যসুচীত পৰিৱেশ সন্থা আৰণ্যক,  বিশ্ব প্ৰকৃতি নিধি,  কৰবেট ফাউণ্ডেচন আৰু ভুমিয়ে সগযোগিতা আগবঢ়ায় ৷ বিয়লিলৈ বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত ব্যাঘ্ৰ দিৱসৰ মুল কাৰ্যসুচী অনুষ্ঠিত হয় ৷ পৰিৱেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ,  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডঃ সোনালী ঘোষ, উপ বন সংৰক্ষক ৰাজীৱ হাজৰিকা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, উপাধ্যক্ষ দীপালী ৰাজকুমাৰী, বন বিভাগৰ পশু চিকিৎসক ডা৹ সৌৰভ বুঢ়াগোহাঁই, গৱেষিকা মনিষা আশ্ৰফ, অধ্যাপক প্ৰশান্ত শইকীয়া আৰু মতিৰাম দাস উপস্থিত থাকে ৷ অনুষ্ঠানত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় ,চি এন বি মহাবিদ্যালয়, কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ মুঠ ৭০ গৰাকী ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকৰ লগতে শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহন কৰে ৷ অনুষ্ঠানতে বানপানীৰ সময়ত এনিমেল কৰিডৰত সেৱা আগবঢ়োৱাৰ বাবে এই সকল স্বেচ্ছাসেৱক মানপত্ৰ আৰু ব্যঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশিত বাঘ সংক্ৰান্ত পত্ৰিকাও প্ৰদান কৰা হয় ৷ কাজিৰঙাৰ জীৱবিদ আংশুমান গগৈয়ে অনুষ্ঠান বাঘ, বাঘৰ সংৰক্ষণ আদি সামৰি সচিত্ৰ উপস্থাপন কৰে ৷ উপস্থিত ছাত্ৰ ছাত্ৰী সকলেও স্বেচ্ছাসেৱক হিচাবে এনিমেল কৰিডৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা সেৱাৰ বিষয়ে নিজৰ অভিজ্ঞতাও ব্যক্ত কৰে ৷ সঞ্চালক ড৹ সোনালী ঘোষে কাজিৰঙাৰ বন্যপ্ৰাণী বাবে নি: স্বাৰ্থ সেৱা আগবঢ়োৱাৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ লগতে মহাবিদ্যালয় সমুহৰ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰে  ৷

মনকৰিবলগীয়া যে ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি আজি কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ উদ্যোগত দিল্লীত আয়োজিত বৰ্নাঢ্য অনুষ্ঠানত দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙাৰ চাৰিগৰাকী বনকৰ্মীক সাহসিকতাৰ বাবে পুৰস্কৃত কৰা হয় ৷ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ মিন্টু দাস, দেৱজিত দলে, গগণ কাকতী আৰু সুনীল হাজৰিকাই সাহসিকতাৰ বাবে এই বঁটা লাভ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

**********