কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন ছহীদ দিৱস উদযাপন : বন ছহীদ পৰিয়ালক সম্বৰ্ধনা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন ছহীদ দিৱস উদযাপন :  বন ছহীদ পৰিয়ালক সম্বৰ্ধনা  :
Aiidesh Photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন ছহীদ দিৱস উদযাপন :  বন ছহীদ পৰিয়ালক সম্বৰ্ধনা  :

Aiidesh News  : 11 September 2024 : 

দেশৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বন ছহীদ দিৱস পালন কৰা হয় ৷ এই উপলক্ষে কাজিৰঙাৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰাত থকা বিভাগীয় পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, সামাজিক বনানিকৰণ বিভাগৰ গোলাঘাটৰ ডি এফ অ’ ঋতুপৱন বৰা, সহকাৰী বনসংৰক্ষক অলক চাক্সেনাৰ উপৰিও বিষয়া কৰ্মচাৰী, বনকৰ্মী, সংবাদ মাধ্যম আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ উপৰিও বন ছহীদ পৰিয়ালৰ সদস্য সকলো উপস্থিত থাকে ৷ বন ছহীদলৈ শ্ৰদ্ধা জনায় সমবেত সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাতে কাজিৰঙাত প্ৰাণ আহুতি দিয়া ২০ গৰাকী ছহীদ বনকৰ্মীৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷ বিয়লিলৈ কঁহৰাতে সামজিক বনানিকৰণ বিভাগৰ উদ্যানত থকা বন ছহীদ স্মাৰকত বন্তি প্ৰজ্বলন কৰি বন ছহীদলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰা হয় ৷

*********