১৭ দিনত ২৯৭৭খন বাহন জব্দ

১৭ দিনত ২৯৭৭খন বাহন জব্দ
Image Courtesy : Time8

লকডাউনৰ সময়তে মহানগৰত বৃদ্ধি পাইছে আইন উলংঘাকাৰীৰ সংখ্যা৷ যোৱা ২৪ মার্চৰ পৰা ঘোষিত ২১ দিনীয়া লকডাউনৰ মাজতে একাংশ লোকে কিছুমান অজুহাত দেখুৱাই আইন উলংঘা কৰিছে৷ সেয়ে এনে উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্রশাসন৷ যোৱা ২৪ মার্চৰে পৰা ৯ এপ্রিললৈকে গুৱাহাটী মহানগৰ আৰক্ষীয়ে আইন উলংঘা কৰাৰ বাবে মুঠ ২৯৭৭খন বাহন জব্দ কৰিছে৷

ইয়াৰে ২৭১৭খন দুচকীয়া বাহন, ২০খন তিনিচকীয়া আৰু ২৪০খন চাৰিচকীয়া বাহন৷ বিগত দিনকেইটাত আৰক্ষীয়ে মুঠ ১১ লাখ ৯১ হাজাৰ ৫০০ টকাৰ জৰিমনা সংগ্রহ কৰিছে৷ ইয়াৰ উপৰি ১২০৩টা গোচৰ ন্যায়ালয়লৈ প্রেৰণ কৰিছে৷

জব্দ কৰা বাহনসমূহৰ ভিতৰত দিছপুৰ আৰক্ষীয়ে মুঠ ৩০৯খন, ভৰলুমুখ আৰক্ষীয়ে ২৩৭খন, পল্টনবজাৰ আৰক্ষীয়ে ২২৭খন, জালুকবাৰী আউট প’ষ্টে ১৯৫খন, গড়চুক আৰক্ষীয়ে ২০৯খন, জালুকবাৰী আৰক্ষীয়ে ২০৩খন, গীতানগৰ আৰক্ষীয়ে ১৭১খন, পাণবজাৰ আৰক্ষীয়ে ১৬৭খন, ফটাশিল আৰক্ষীয়ে ১৭৩খন, বশিষ্ঠ আৰক্ষীয়ে ১৫৮খন, নুনমাটি আৰক্ষীয়ে ১৬১খন, হাতীগাঁও আৰক্ষীয়ে ১২৬খন, লটাশিল আৰক্ষীয়ে ১১২খন, যোৰাবাট আৰক্ষীয়ে ১০৯খন, চানমাৰি আৰক্ষীয়ে ৯০খন, সাতগাঁও আৰক্ষীয়ে ৮০খন, খানাপাৰা আৰক্ষীয়ে ৭৬খন, ভঙাগড় আৰক্ষীয়ে ৭৫খন, সোণাপুৰ আৰক্ষীয়ে ৫৫খন আৰু আজাৰা আৰক্ষীয়ে ৪৪খন বাহন জব্দ কৰিছে৷

উল্লেখযোগ্য যে কৰ’না ভাইৰাছ প্রতিৰোধৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰ পাছতে একাংশ শিক্ষিত লোকে নিজৰ কথা চিন্তা কৰাতো বাদেই, আনৰ কথাও চিন্তা নকৰি পথলৈ ওলাই আহ়ে, যাৰ বাবে বহু লোকৰ জীৱনলৈ কৰ’না সংক্রমণৰ ভয়াৱহতাই দেখা দিছে৷ সেয়ে এনে লোকক নিয়ন্ত্রণ কৰাৰ বাবে আৰক্ষী-প্রশাসন যথেষ্ট কঠোৰ হ’বলগীয়া হৈছে৷ যাৰ পৰিপ্রেক্ষিতত আৰক্ষীয়ে মহানগৰৰ বিভিন্ন ঠাইত এনেদৰে বাহন জব্দ কৰাৰ লগতে গোচৰ ৰুজু কৰিবলগীয়া হয়৷

লকডাউনৰ দিনকেইটাত বহু লোকে বজাৰকে ধৰি অন্যান্য বহু অজুহাত দেখুৱাই বাহন লৈ পথলৈ ওলাই আহে৷ কালি পুৱাৰ ভাগত গণেশগুৰিত শ শ লোক বজাৰ কৰিবলৈ বুলি ওলাই আহি পথত ভিৰ কৰে৷

ফলত বহু সময় ধৰি পথছোৱা গাড়ীৰে ভৰি পৰে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবৰ বাবে পাছত আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়৷ উল্লেখযোগ্য যে লকডাউন চলি থকা দিনকেইটাত আৰক্ষীয়ে এনে আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি আজি এক সংবাদমেলযোগে মহানগৰ আৰক্ষী আয়ুক্তই সদৰী কৰে৷