বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত বিশ্ব দিব্যাংগ দিৱস আৰু প্ৰয়াত নিশিনাথ চাংকাকতিৰ স্মৃতিচাৰণৰ বিশেষ অনুষ্ঠান ⦂ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত সাজ পাৰ আৰু মিঠাই বিতৰণ ⦂

বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত বিশ্ব দিব্যাংগ দিৱস আৰু প্ৰয়াত নিশিনাথ চাংকাকতিৰ স্মৃতিচাৰণৰ বিশেষ অনুষ্ঠান ⦂ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত সাজ পাৰ আৰু মিঠাই বিতৰণ  ⦂
Aiidesh Photo

Aiidesh News  : 3 December - 2024  :

বোকাখাতত আজি উজনি অসম বিকলাংগ কেন্দ্ৰৰ উদ্যোগত কৰুণাধাৰা ন্যাস বোকাখাত  আৰু জ্যেষ্ঠ নাগৰিক সন্মিলন বোকাখাতৰ উপৰিও জিলা আইন সেৱা প্ৰধিকৰণৰ বিশেষ সহযোগত বিশ্ব দিব্যাংগ দিৱস আৰু কৰুণাধাৰা ন্যাসৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত নিশিনাথ চাংকাকতিৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই দিৱসৰ পুৱা  পতাকা উত্তোলন কৰে উজনি অসম বিকলাংগ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা ৷ স্মৃতি তৰ্পণ কৰে স্পিচিয়েল হেণ্ডিকেপড স্কুল, বোকাখাতৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষ্য বৰিয়ে ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰৰ প্ৰাংগনত দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ 

বিয়লিলৈ কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ পৌৰহিত্যত বিশ্ব দিব্যাংগ দিৱস ২০২৪ আৰু কৰুণাধাৰা ন্যাসৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত নিশিনাথ চাংকাকতিৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভনিতেই প্ৰয়াত নিশিনাথ চাংকাকতিৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে কৰুণাধাৰা ন্যস সহায়ক সমিতি, বোকাখাতৰ  সভাপতি ৰাজেন্দ্ৰ নিমোদিয়াই ৷ অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে  উজনি অসম বিকলাংগ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক উত্তম শইকীয়াই ৷ আদৰণী ভাষণ  প্ৰদান কৰে কৰুণাধাৰা ন্যস সহায়ক সমিতি বোকাখাতৰ সম্পাদক হৰিবোলা কালিন্দীয়ে ৷ 

আজিৰ অনুষ্ঠানত নিশিনাথ চাংকাকতি আৰু বিশ্ব বিকলাংগ দিৱসৰ সমল ব্যক্তি হিচাপে অংশ গ্ৰহন কৰে বোকাখাত মহকুমা সাংবাদিক সস্থাৰ সভাপতি বুবুল দত্ত, জিলা আইন সেৱা প্ৰাধিকৰণৰহৈ জেষ্ঠ অধিবক্তা কিশোৰ ছেত্ৰী আৰু  অধিবক্তা নাদিৰা বেগমে ৷ সমল ব্যক্তি সকলে নিশিনাথ চাংকাকতিৰ জীৱন আৰু কৰ্মৰ উপৰিও বিশ্ব বিকলাংগ দিৱসৰ তাৎপৰ্য আৰু দিব্যাংগ লোকৰ সাংবিধানিক অধিকাৰ বাখ্যা কৰে ৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি চৈয়দ আনিচুৰ ৰহমান, বোকাখাতৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া স্মৃতি ৰেখা হাজৰিকা, লেখিকা সমাৰোহ সমিতিৰ সভাপতি সূৱৰ্ণ শইকীয়া বৰদলৈ, বিশিষ্ট কবি, লেখিকা কল্পনা চেতিয়া, অৱসৰ প্ৰাপ্ত অধ্যাপক পুতুলী খাউণ্ড, পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, জেষ্ঠ নাগৰিক হৰিপ্ৰাদ বৰঠাকুৰ, মনোৰঞ্জন সেন, সুৰেন্দ্ৰ নাথ গগৈ আদি বিশিষ্ট লোক সকল উপস্থিত থাকে ৷ 

এই সভাতে বিশ্ব দিব্যাংগ দিৱসৰ বাবে দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত ক্ৰীড়া প্ৰতিযোগিতাত স্থান লাভ কৰা দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলক বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানতে কৰুণাধাৰা ন্যাস বোকাখাত  আৰু জ্যেষ্ঠ নাগৰিক সন্মিলন বোকাখাতৰ উদ্যোগত দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলক সাজ পাৰ প্ৰদান কৰা হয় ৷ একেদৰে গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ মাজত মিঠাই বিতৰণ কৰা হয় ৷ আজি এই অনুষ্ঠানতে উজনি অসম বিকলাংগ কেন্দ্ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত, জ্যোতি সংগীত, মিচিং গীত আৰু ঝুমুৰ গীত পৰিবেশন কৰা হয় ৷

**********