কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত জিতেন গগৈ আৰু প্ৰফুল্ল মহন্তৰ গোপন বৈঠক : আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ কথা ঘোষনা জিতেন গগৈৰ :

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত জিতেন গগৈ আৰু প্ৰফুল্ল মহন্তৰ গোপন বৈঠক : আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ কথা ঘোষনা জিতেন গগৈৰ :
Photo : Uttam Saikia
কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত জিতেন গগৈ আৰু প্ৰফুল্ল মহন্তৰ গোপন বৈঠক : আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ কথা ঘোষনা জিতেন গগৈৰ :

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত জিকেন গগৈ আৰু প্ৰফুল্ল মহন্তৰ গোপন বৈঠক : আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ কথা ঘোষনা জিতেন গগৈৰ :


AIIDESH NEWS.26 July :


আগন্তুক বিধান সভা নিৰ্বাচনক লৈ ক্ৰমে ব্যস্ততা বৃদ্ধি পাইছে ৰাজনৈতিক দল বোৰৰ ৷ বোকাখাততো কভিড ১৯ ৰ সংক্ৰমন আৰু লক ডাউনৰ মাজতে নিৰ্বাচনী কুজ কাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দল বোৰে ৷ বান বিধস্ত সমষ্টিটোত বানাক্ৰান্তৰ কাষত থিয় হৈ বানাৰ্তৰ বাবে কোনে কিমান সহানুভুতি দেখুৱাই তাক চ'চিয়েল মেডিয়া বা বাতৰিৰ শিৰোনামত দেখুৱাৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ ইয়াৰ মাজতে যোৱা বৃহস্পতি বাৰৰ দিনা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বাসগৃহত জিতেন গগৈৰ সৈতে আলোচনাত মিলিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ৷ অসম গন পৰিষদ দলৰ নগাওঁ জিলা সমিতিৰ সভাপতি সম্পাদক আৰু অসম বিধান সভাৰ একালৰ উপাধ্যক্ষ তথা বোকাখাতৰ প্ৰাক্তন বিধায়ক বলোভদ্ৰ তামুলীক লগত লৈ প্ৰফুল্ল মহন্তই প্ৰায় এঘন্টা সময় ধৰি জিতেন গগৈৰে আলোচনাত মিলিত হয় ৷ এঘন্টাৰ এই ৰুদ্ধদাৰ বৈঠকত মুলত কি আলোচনা হ'ল জনা নগলেও অসম গন পৰিষদ দলৰ সভাপতি তথা বোকাখাতৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত প্ৰফুল্ল মহন্তৰ এই গোপন বৈঠক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷ এই বৈঠকৰ পাচত জিতেন গগৈয় কয় যে মই বোকাখাত সমষ্টিত নিদৰ্লীয় হিচাবে প্ৰতিদন্দিতা কৰা একেবাৰে খাটাং বুলি প্ৰফুল্ল মহন্তৰ জনাই দিছো আৰু ইয়াকো কৈছো যে আপুনি যদি অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হয় তেন্তে মই আপোনাৰ লগতে থাকিম ৷ অৱশ্য মই কোনো দলৰেই পক্ষ নলওঁ ৷ এই বৈঠকত বহু ৰাজনৈতিক বিষয়ে ঠাই পাই যদিও এই বৈঠক একেবাৰে সৌজন্যমুলক আছিল বুলি জনায় জিতেন গগৈয়ে ৷ উল্লেখ্য যে বোকাখাত নিৰ্মান গোট নামৰ এটা বেচৰকাৰী সংগঠনৰ সভাপতি হিচাবে বোকাখাত সমষ্টিত জিতেন গগৈৰ এক গন ভিত্তি আজিও আছে যদিও বিগত সময়ত জিতেন গগৈৰ কাৰ্য যথেষ্ট পৰিমানে সীমিত হৈ পৰিছিল ৷ বিগত নিৰ্বাচনত অতুল বৰাৰ হাতত পৰাজয় হোৱাৰ পাচত জিতেন গগৈৰ সংগ ত্যাগ কৰিছিল বহুজনে ৷ সামাজিক ভাৱেও নিস্ক্ৰিয় হৈ পৰিছিল তেওঁ ৷ আগন্তুক বিধান সভা নিৰ্বচনত বোকাখাত সমষ্টিত প্ৰতিদ্বন্দিতা কৰিম বুলি জিতেন গগৈয়ে কৰা ঘোষণা আৰু নিজৰ বাসগৃহত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰে হোৱা বৈঠকে বোকাখাত পুনৰ চৰ্চা লাভ কৰিছে জিতেন গগৈয়ে ৷