জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বোকাখাততো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন :

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বোকাখাততো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন :
Aiidesh photo

Aiidesh News  : 20 October - 2025  :

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ১৯ অক্টোবৰত দিনজোৰা কাৰ্যসুচীৰে বোকাখাতত অনশন কাৰ্য্যসূচী পালন কৰা হয় । জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ অতিক্ৰম কৰাৰ পিচতো মৃত্যু ৰহস্য পোহৰলৈ নহা ঘটনাৰ প্ৰতিবাদ জনায় ন্যায়ৰ বিচাৰি অনশন কৰিব লগা হোৱাতো অতি দুৰ্ভাগ্যজনক বুলি আজিৰ অনশন থলীত মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ বিষয় ববীয়াই । লগতে এই ন্যায় প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হোৱাৰো অভিযোগ কৰে জাতীয় সংগঠনটোয়ে।  বোকাখাত নগৰৰ চাৰি আলিত অনুষ্ঠিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজিৰ অনশন কাৰ্যসুচীত বোকাখাতৰ প্ৰায় ৬০ টাৰো অধিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰি উচিত ন্যায়ৰ দাবী জনায় ৷ ১৯ অক্টোবৰত বোকাখাতৰ অনশন কাৰ্যসুচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিপুল বৰা , কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নীলোৎপল খাউণ্ড, জিলা সভাপতি হেমন্ত বৰা আৰু সম্পাদক প্ৰাঞ্জল ভৰালীয়ে নেতৃত্ব দিয়ে ৷ অনশনৰ কাৰ্যসূচীত বোকাখাত বাৰ এচোছিয়েশ্যনৰ সম্পাদক কিশোৰ কুমাৰ চেত্ৰী, কল্পনা চেতীয়া, সঙ্গীত শৰ্ম্মা, মন্টু শইকীয়া, বিশ্ব বৰা, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাজু বাহাদুৰ চেত্ৰী, আদিবাসী ছাত্ৰ সন্থা বোকাখাত সম জিলাৰ সভাপতি সুৰজিৎ পাইক, সম্পাদক সুৰজ মোদী,বিনোদ ভূমিজ,জয়ন্ত খাউণ্ড,গোৰ্খা ছাত্ৰ সন্থাৰ সম্পাদক ৰূদ্ৰ চেত্ৰী চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতি, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰুন চেত্ৰী,উপ সভাপতি কিৰন চেত্ৰী,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নুমলীগড় আঞ্চলিকৰ সভাপতি সুৰজ কুমাৰ ৰবিদাস, বোকাখাত শিল্পী সমাজৰ সভাপতি বিজয় শৰ্ম্মা, সত্য নাৰায়ন সেৱা সদনৰ সম্পাদক জীৱন চৌধুৰী অসম  ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াকে ধৰি বোকাখাত জেষ্ঠ নাগৰিক আদি বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকি জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰে ।

***********