জনজাতি সংৰক্ষিত এলেকাত চৰকাৰে ভুমিপুত্ৰ খিলঞ্জীয়াক মাটিৰ পট্টা দিবই লাগিব |
অসমৰ জনজাতিৰ বাবে সংৰক্ষিত এলেকা সমুহত ভুমিপুত্ৰ খিলঞ্জীয়া সকলক মাটিৰ পট্টা পাবৰ বাবে দীৰ্ঘ দিনে কৰি অহা দাবী সমুহৰ সমান্তৰাল কৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত নাৰায়নপুৰ নগৰ খিলঞ্জীয়া ভুমি পট্টা দাবী সমিতিয়ে চৰকাৰক মাটিৰ পট্টা দিয়াৰ দাবী জনাইছে । আজি নাৰায়নপুৰ নগৰ খিলঞ্জীয়া ভুমি পট্টা দাবী সমিতিয়ে দেউৰী স্বায়ত্ব পৰিষদৰ অতিথি শালাত নাৰায়নপুৰ আঞ্চলিক ছাত্র সন্থাৰ লগতে কেইবাটাও সংগঠনৰ লগত মিলিত এক বৈঠকত নাৰায়নপুৰ নগৰ সমিতিৰ অন্তৰ্ভুক্ত আটাইকেইটা ৱাৰ্ডত বাস কৰা খিলঞ্জীয়া ভুমিপুত্ৰ সকলক ভুমি পট্টা দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পূৰ্বে একাংশ সংবাদ মাধ্যমত নাৰায়নপুৰ নগৰত তথা মৰিডিক্ৰং নদীৰ পাৰত বাস কৰি থকা সকলক অবৈধভাৱে দখল কৰা বুলি প্ৰচাৰ হোৱাত পুন-ছাতেই নাকচ কৰি খিলঞ্জীয়া ভুমিপুত্ৰ পট্টা দাবী সমিতিয়ে উল্লেখ কৰে যে আমি আমাৰ জনজাতি সংৰক্ষিত এলেকাত হে বাস কৰিছো আৰু এইয়া আমাৰ পাপ্য ,গতিকে সমিতি খনে শীঘ্ৰে খিলঞ্জীয়া সকলক ভুমি পট্টা দিবলৈ চৰকাৰক আহ্বান জনায় । উল্লেখযোগ্য যে বিগত বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত বহু খিলঞ্জীয়া ভুমিপুত্ৰ সকলক মাটিৰ পট্টা দিয়াৰ দৰে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনতো প্ৰকৃত খিলঞ্জীয়া সকলক কেনেদৰে ভুমি পট্টা প্ৰদান কৰিব সেইয়া সময়তহে লক্ষণীয় হব।



Bhaben Bor Deori




