কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন : ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা :

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন : ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা  :

Aiidesh News  :  29 July 2023  :

বিশ্বৰ লগতে ২৯ জুলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ৷ বিশ্ব ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি ২৮ জুলাইত বোকাখাতৰ গঁড়মুৰ উচ্চমাধ্যমিক বিদ্যালয়,  গেলেকী মাধ্যমিক বিদ্যালয় আৰু শিলভেটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

২৯ জুলাইত কাজিৰঙাৰ কঁহৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ব্যাঘ্ৰ দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত ডি এফ অ, পুৱ অসম বন্যপ্ৰানী সংমণ্ডল বোকাখাতৰ ডি অফ অ' অৰুণ বিগ্নেশ, কাজিৰঙাৰ অৱসৰপ্ৰাপ্ত গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী আৰু শশীধৰ ৰেড্ডী, সহকাৰী বন সংৰক্ষক, কাজিৰঙা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি  নীলপদ্ম শৰ্মা, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক  ডা০ নবীন পাণ্ডে , কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, গঁড়মুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, কঁহৰাৰ ৰাইজিং চান স্কুলৰ অধ্যক্ষ দেৱাশীষ বৰুৱা, বৰভেটা প্ৰাধমিক বিদ্যালয়ৰ প্ৰাধন শিক্ষয়ত্ৰী নন্দিতা ৰাজপুত সোনাৰ, ৰাষ্ট্ৰীয় উদ্যানখনৰ কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সকলৰ উপৰিও স্থানীয় লোক আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ৷

অনুষ্ঠানত ডি এফ অ' অৰুণ বিগ্নেশ, অৱসৰ প্ৰাপ্ত গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে সচিত্ৰ উপস্থাপনেৰে বাঘৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ৷ অনুষ্ঠানতে ২৮ জুলাইত আয়োজিত চিত্ৰাংকন প্ৰতিযেগিতাৰ ১২ গৰাকী বিজয়ী প্ৰতিযোগিক মানপত্ৰ, পদক, উপহাৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয় ৷

২৯ জুলাই পুৱাতেই কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰানী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰত বাঘৰ উপৰিও মাংসহাৰী প্ৰানীৰ উদ্ধাৰ আৰু সংৰক্ষনৰ লগতে প্ৰকৃতিত বাঘৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ বাবে এক বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় । কেন্দ্ৰটোৰ পৰিচালক জেষ্ঠ পশু চিকিৎসক ডা০ চামচুল আলীয়ে পৰিচালনা কৰা এই অনুষ্ঠানত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয় আৰু চি এন বি মহাবিদ্য়ালয়ৰ উপৰিও কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰ সকলে অংশ গ্ৰহন কৰে ।

***********