কাজিৰঙাত তিনিদিনীয়া প্ৰকৃতি সাহিত্যৰ আলংকৰিক কৰ্মশালা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন :

Aiidesh News  : 4 May - 2025  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আজিম প্ৰেমজী বিশ্ববিদ্যালয় আৰু নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বিশেষ সহযোগত ৰাষ্ট্ৰীয় উদ্যান খনৰ কঁহৰাত বিগত দুটা দিনত প্ৰকৃতি সাহিত্যৰ আলংকৰিক কৰ্মশালা অনুষ্ঠিত হয় ৷ দুদিনীয়া এই বিশেষ কkৰ্মশালাত অসমৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ মুঠ ৪৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ এই কৰ্মশালাৰ প্ৰথম দিনা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে কাজিৰঙাৰ সঞ্চালক সোনালী ঘোষে ৷ সঞ্চালকৰ ভাষণৰ পিচতেই স্থানীয় কন্ঠ শিল্পী মৃদুষ্মিতা গগৈৰ কাজিৰঙাৰ শীৰ্ষ গীত পৰিবেশন কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানৰ পিচতেই আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্কুল অৱ ক্লাইমেট চেঞ্জ এণ্ড চাচটেইনেবিলিটিৰ সঞ্চালক ড৹ হৰিণী নগেন্দ্ৰনে অন লাইন ব্যৱস্থাৰে অংশগ্ৰহনকাৰী সকলক আনুষ্ঠানিক সম্বৰ্ধনা জনায় ৷ পৰৱৰ্তী সময়ত প্ৰেমজী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু গৱেষণা বিভাগৰ মুৰব্বী বিষয়া স্বাশত ডি চি য়ে সাধুকথা কোৱাৰ বিভিন্ন কৌশল বৰ্ণনা কৰাৰ বিপৰীতে গ্ৰীণ হাব নামৰ সংগঠনৰ সমন্বয়ক বন্তি শইকীয়াই সমাজিক মাধ্যম, বল্ডিংৰ উপৰিও তথ্যচিত্ৰও প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানতে প্ৰকৃতি সংগঠন আৰণ্যক আৰু কৰবেট ফাউণ্ডেচনৰ উদ্যোগত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক পৰিৱেশ ধেমালি শিকোৱা হয় ৷

দ্বিতীয় দিনৰ পুৱাতেই অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক কঁহৰা বনাঞ্চলত জীপ চাফাৰী কৰিবৰ বাবে লৈ যোৱা হয় ৷ পৰৱৰ্তী সময়ত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড৹ সমুদ্ৰ গুপ্ত কাশ্যপয়ে প্ৰকৃতি সাহিত্য চৰ্চা, লিখা আৰু ব্যক্তিত্বৰ দক্ষতা বৃদ্ধিৰ বিষয়ত সচিত্ৰ উপস্থাপন কৰে ৷ ইয়াৰ পিচত সাধু কথা কোৱাৰ অভ্যাস কৰাৰ পিচত বিশিষ্ট কবি, সাহিত্যিক ড৹ তাপতী বৰুৱা কাশ্যপে কবিতা লিখাৰ বাবে প্ৰকৃতিক অনুপ্ৰেৰণাৰ বিষয়ত আৰু পৰিবেশকৰ্মী উত্তম শইকীয়াই প্ৰকৃতি সাহিত্যৰ সমল, কৌশল আৰু অসমত ইয়াৰ ইতিহাসৰ ওপৰত সচিত্ৰ উপস্থাপন আৰু বিভাগীয় অধীক্ষক গীতাঞ্জলি কলিতাই পৰম্পৰাগত প্ৰকৃতিক সাহিত্য আৰু স্থানীয় সংস্কৃতিক ইয়াৰ উপাদানৰ ওপৰত বাখ্যা কৰে ৷ ইয়াৰ পিচতেই বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক নীৰজ কাকতী আৰু ইংলণ্ডৰ পৰিৱেশ বিশেষজ্ঞ পিটাৰ জন মেইনিলে বৈজ্ঞানিক প্ৰতিবেদন প্ৰস্তুতৰ কৌশল আৰু নিয়মাৱলীৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায় ৷ অনুষ্ঠানতে প্ৰকৃতি সংগঠনৰ কৰ্মকৰ্তাৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলক পৰিৱেশ ধেমালি শিকোৱা হয় ৷

আজি কৰ্মশালাৰ অন্তিম দিনা পুৱাতেই ছাত্ৰ ছাত্ৰী সকলে কৰ্মশালাত লাভ কৰা অভিজ্ঞতাৰে নিজৰ নিজৰ লেখনি আৰু অভিজ্ঞতা বৰ্ণনা কৰাৰ পিচত সকলোকে বাগৰিত বনাঞ্চলত জীপ চাফাৰীৰ বাবে লৈ যোৱা হয় ৷ পৰৱৰ্তী সময়ত কঁহৰাৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত আয়োজিত সমাৱৰ্তন সমাৰোহত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ গীতাঞ্জলি কলিতাই আঁত ধৰা সমাৱৰ্তন সমাৰোহত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, আজীম প্ৰেমজী, ড৹ সমুদ্ৰগুপ্ত কাশ্যপ, ড৹ তাপতী বৰুৱা কাশ্যপ, বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ, জেষ্ঠ সাংবাদিক স্বপন নাথ ,পৰিৱেশ কৰ্মী উত্তম শইকীয়া, তৰুণ গগৈ, আদি ব্যক্তি উপস্থিত থাকে ৷ কৰ্মশালাত অংশ গ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলক ধন্যবাদ জনাই কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ছাত্ৰ ছাত্ৰী সকলৰ প্ৰকৃতি বিষয়ক লিখা সমুহক পৰৱৰ্তী সময়ত প্ৰকাশৰ বিশেষ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

***********