অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতি আৰু সংবাদ পত্ৰ জননী বাৰ্তাৰ উদ্যোগত বোকাখাতত“স্কুলকে খৱৰ লেবই চ্চালা”নামক এক শৈক্ষিক কাৰ্যসুচীৰ শুভাৰম্ভ :

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতি আৰু সংবাদ পত্ৰ জননী বাৰ্তাৰ  উদ্যোগত বোকাখাতত“স্কুলকে খৱৰ লেবই চ্চালা”নামক এক শৈক্ষিক কাৰ্যসুচীৰ শুভাৰম্ভ :
Aiidesh Photo

Aiidesh News  : 30 December 2023  :

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতি আৰু সংবাদ পত্ৰ জননী বাৰ্তাৰ  উদ্যোগত বোকাখাতৰ চাহ বাগিছাৰ বিদ্যালয় সমূহত আৰম্ভ হৈছে “স্কুলকে খৱৰ লেব’ই চ্চালা”নামৰ এক অভিলাষী শৈক্ষিক কাৰ্যসূচী ৷ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক বিতোপন মাঝিয়ে জানিব দিয়া ম’তে, গোলাঘাট জিলা শিক্ষা  বিষয়াৰ কাৰ্যালয়ৰ অনুমোদন সাপেক্ষে চাহ বাগিছাৰ বিদ্যালয় সমূহ তথা বাগিছা অঞ্চলৰ শৈক্ষিক পৰিৱেশৰ উত্তৰণ, শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ যোগসূত্ৰ, আন্তঃগাঁথনি আদি বিভিন্ন বিষয়ৰ বুজ লৈ তাৰ অভাৱ নিশ্চিতকৰণ আৰু সমাধানৰ পথ বিচাৰি উলিওৱাৰ উদ্দেশ্যেই চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতি আৰু জননী বাৰ্তাই এই পদক্ষেপ হাতত লৈছে ৷ 

ইতিমধ্যে, জিলাখনৰ খুমটাই, দেৰগাঁও আদি বিভিন্ন চাৰ্কোলৰ চাহ বাগিচাৰ বিদ্যালয় সমূহত এই কাৰ্যসূচী আৰম্ভ কৰাৰ সমান্তৰালকৈ বোকাখাততো এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ বোকাখাতৰ বৰচাপৰি প্ৰাথমিক বিদ্যালয়ত ২৮ ডিচেম্বৰত গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰতাপ কুমাৰ দল, সম্পাদক সোণেশ্বৰ বাঢ়ৈৰ নেতৃত্বত বোকাখাত শিক্ষা সমিতিৰ এটা সঁজাতী দলে “স্কুলকে খৱৰ লেব’ই চ্চালা” শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰে ৷ বোকাখাত শিক্ষা সমিতিৰ জ্যেষ্ঠ সদস্য তথা অৱসৰ প্ৰাপ্ত শিক্ষক দয়াৰাম মাঝি, ভৰত ৰৱিদাস, ঘনকান্ত কুৰ্মী, বিজয় তাঁতীকে ধৰি দুলাল ৰৱিদাস, লক্ষীমাই ৰবিদাস আদিৰ লগতে  চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি ধনীৰাম কুৰ্মী আৰু  বোকাখাত শাখাৰ সভাপতি ৰাজু ৰাজোৱাৰ আৰু সম্পাদক বিতোপন মাঝি উপস্থিত থাকি  বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু  ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰে ৷ বোকাখাত শিক্ষা সমিতিৰ দ্বাৰা বিদ্যালয়খনৰ সমূহ তথ্য সংগ্ৰহ কৰাৰ লগতে অভাৱ-অভিযোগৰ বুজ লৈ এক প্ৰতিবেদন শীঘ্ৰেই জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা ৷ উল্লেখ্য যে গোলাঘাট জিলাখনক বিভিন্ন চাৰ্কোলত ভাগ কৰি ইতিমধ্যেই অৱসৰ প্ৰাপ্ত শিক্ষক, সমাজ হিতৈষী লোকক লৈ কেবাটাও শিক্ষা সমিতি গঠন কৰা হৈছে ৷ 

*******