১ জুনৰ পৰা ধৰ্মীয় স্থ’লসমূহ মুকলি হ’ব পশ্চিমবংগত

১ জুনৰ পৰা ধৰ্মীয় স্থ’লসমূহ মুকলি হ’ব পশ্চিমবংগত

দেশত পঞ্চম পৰ্যায়ৰ লকডাউন বলবৎ হ’বনে নাই সেইলৈ দেশজুৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়ছোৱাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে অহা ১ জুনৰ পৰা ৰাজ্যখনৰ ধৰ্মীয় স্থানসমূহ মুকলি কৰা হ’ব। পহিলা জুনৰ পৰাই ৰাজ্যৰ সকলো মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ দুৱাৰসমূহ খোলাৰ সিদ্ধান্ত লোৱা হৈছে।

মমতা বেনাৰ্জীয়ে আজি অনলাইনৰ জৰিয়তে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিছে। তেওঁ কয় ৮ জুনৰ পৰা ব্যক্তিগত আৰু ৰাজহুৱা কৰ্মস্থলসমূহত এশ শতাংশই কাম আৰম্ভ হ’ব। চাহ উদ্যোগসমূহত এশ শতাংশ শ্ৰমিকৰে ৮ জুনৰ পৰা কাম আৰম্ভ কৰিব পাৰিব।