উচ্চতৰ মাধ্যমিকৰ ফলাফল : ষষ্ঠ স্থানত বোকাখাতৰ ভাৰ্গৱ ফুকন :

উচ্চতৰ মাধ্যমিকৰ ফলাফল : ষষ্ঠ স্থানত বোকাখাতৰ ভাৰ্গৱ ফুকন :
Photo : Uttam Saikia
উচ্চতৰ মাধ্যমিকৰ ফলাফল : ষষ্ঠ স্থানত বোকাখাতৰ ভাৰ্গৱ ফুকন :

উচ্চতৰ মাধ্যমিকৰ ফলাফল : ষষ্ঠ স্থানত বোকাখাতৰ ভাৰ্গৱ ফুকন :


AIIDESH NEWS. 25 June :


আজি পুৱা ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত মুঠ ৪৭০ নম্বৰেৰে ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিছে বোকাখাতৰ ভাৰ্গৱ ফুকনে ৷ বোকাখাতৰ লাখুটিখুন্দাৰ অৱসৰ প্ৰাপ্ত শিক্ষক নিত্যানন্দ ফুকন আৰু মনিমালা ফুকন ৰ পুত্ৰ ভাৰ্গৱ ফুকনে যোৰহাটৰ ক্ৰিচেন্ট একাডেমীৰ পৰা পৰীক্ষা দি ৬ টাকৈ বিষয়ত লেটাৰসহ মুঠ ৪৭০ নম্বৰেৰে কলা শাখাত ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বোকাখাতৰ খ্ৰীষ্টজ্যোতি স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্তীৰ্ণ হোৱা ভাৰ্গৱে যোৰহাটৰ ক্ৰিচেন্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷  ভাৰ্গৱ ফুকনে ইংৰাজী, উচ্চ ইংৰাজী, ৰাজনীতি বিজ্ঞান , বুৰঞ্জী, অৰ্থনীতি আৰু ভুগোল বিষয়ত লেটাৰ সহ মুঠ ৪৭০ নম্বৰ লাভ কৰিছে ৷ প্ৰশাসনিক সেৱাৰ পৰীক্ষা দি ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ পৰিকল্পনা ভাৰ্গৱ ফুকনৰ ৷ অৱসৰৰ সময়ত উপন্যাস পঢ়ি ভালপোৱা ভাৰ্গৱে দেশসেৱা কৰাৰ বাবে পৰৱৰ্তী সময়ত ইংৰাজী বিষয়ত উচ্চ শিক্ষা লোৱাৰ কথা জনাইছে ৷ উল্লেখ্য যে ভাৰ্গৱ ফুকনৰ পিতৃ নিত্যানন্দ ফুকনে বোকাখাত মহকুমাৰ দুসুঁতি মুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিচাবে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহন কৰিছিল ৷