বোকাখাত মহকুমাৰ ৰজাবাৰীত শোকাবহ ঘটনা : স্বামীৰ বৈদ্যুতিক লক্ষ্মন ৰেখাত লাগি পত্নীৰ মৃত্যু :

বোকাখাত মহকুমাৰ ৰজাবাৰীত শোকাবহ ঘটনা :  স্বামীৰ বৈদ্যুতিক লক্ষ্মন ৰেখাত লাগি পত্নীৰ মৃত্যু  :

Aiidesh News  : 4 October 2023 : 

বোকাখাত মহকুমাৰ ৰজাবাৰীত ৪ অক্টোবৰৰ বিয়লি সংঘৰ্টিত হৈছে এক  শোকাৱহ ঘটনা । পত্নীয়ে যাতে ঘৰৰ পৰা বাহিৰলৈ ওলায় যাব নোৱাৰে তাৰ বাবে স্বামীয়ে স্থাপন কৰা বিদ্যুত চালিত তাঁৰত লাগি শোকাবহ ভাৱে মৃত্যুক সাৱতি ল'ব লগা হ'ল পত্নীয়ে । পত্নীৰ মৃত্যুৰ পিচত স্বামীয়ে অপকটে স্বীকাৰ কৰে সমগ্ৰ ঘটনাৰ ৷

বোকাখাত মহকুমাৰ ৰজাবাৰীৰ প'ল' ক্লাবৰ সমীপৰ বাবুল নাহক নামৰ লোকজনে পৰ পুৰুষৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত পত্নী বিনীতা তাঁতীক ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰাকৈ প্ৰতি দিনে ঘৰৰ জপনা আৰু চৌহদৰ বেৰত কাইটীয়া গছৰ ডাল বা কাটা তাঁৰৰ বেৰা দি সদায় নিজৰ কামলৈ যায় ৷ পৰ পুৰুষৰ লগত অবৈধ সম্পৰ্ক থকাৰ সন্দেহত পুৰ্বৰ দৰে নকৰি ৪ অক্টোবৰৰ সন্ধ্যা পত্নীৰ অগোচৰে বিচনাৰ কাষত মাটিত তাঁৰ টানি বিদ্যুৎ সংযোগ কৰি কামলৈ ওলায় যায় বাবুল নাহক । পিচত স্বামীৰ এই বৈদ্যুতিক লক্ষ্মন ৰেখাৰ সম্পৰ্কত অৱগত নথকাৰ বিনীতা তাঁতীয়ে স্বামীৰ এই লক্ষ্মন ৰেখাত বিদ্যুতপৃষ্ঠ হৈ  শোকাবহ ভাৱে মৃত্যুক সাৱতি ল'ব লগা হয় ৷

ঘটনাৰ পিচত ৰজাবাৰী প'ল' ক্লাবৰ সমীপৰ ঘটনাস্থলীত উপস্থিত হৈ পত্নীক বৈদ্যুত চালিত তাঁৰৰে হত্যা কৰাৰ অপৰাধত স্বামী বাবুল নাহকক আটক কৰে ৷ মৃত বিনীতা তাঁতীৰ মৃতদেহো মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ এনে লোমহৰ্ষক ঘটনাই সমগ্ৰ বোকাখাততেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

********