২৯ আগষ্টৰ পুৱা উজনি অসমত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ স্থিতি :

২৯ আগষ্টৰ পুৱা উজনি অসমত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ স্থিতি :
Source - CWC

 

জনি অসমত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ স্থিতি সম্পৰ্কত কেন্দ্ৰীয় জল আয়োগৰ উজনিৰ লেভেল ষ্টেচনবোৰৰ পৰা সংগৃহীত তথ্যৰে এইদেশৰ এক প্ৰতিবেদন ৷

Aiidesh Flood report : 29 August 2023  :

কেন্দ্ৰীয় জল আয়োগৰ পৰা সংগৃহীত তথ্য মতে ২৯ আগষ্টৰ পুৱা ৬ বজাত উজনিৰ অৰুনাচলৰ চিয়াং নদীৰ জলপৃষ্ঠ ক্ৰমে নিম্নগামী হৈছে ৷ অৰণাচলৰ লেভেল ষ্টেচন টুটিং যোৱা ১২ ঘন্টত চিয়াং নদীৰ জলপৃষ্ঠ ০.০৯ মিটাৰ, ইংকিয়ংত ০.৭৬ মিটাৰ আৰু পাচিঘাটত ০.৪৪ মিটাৰ হ্ৰাস পাইছে আৰু জলপৃষ্ঠ নিম্নগামী হৈ আছে ৷

২৯ আগষ্টৰ পুৱা ৬ বজাত কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে -

ডিব্ৰুগড়ত -

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ যোৱা ১২ ঘন্টাত ০.০৮ মিটাৰ হ্ৰাস পাইছে আৰু পানী কমি আছে ৷ পুৰ্বানুমান মতে অহা ১২ ঘন্টাত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ আৰু অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা ৷ ডিব্ৰুগড়ত সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ০.০৮ মিটাৰ ওপৰত আছে ৷

নিমাতীঘাত -

যোৱা ১২ ঘন্টাত নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.১৩ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বৃদ্ধি পাই আছে ৷ পুৰ্বানুমান মতে অহা ১২ ঘন্টাত নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি জলপৃষ্ঠ বিপদ সীমাৰ ১.২৭ মিটাৰ ওপৰত আছে ৷

ধনশিৰিমুখ -

ধনশিৰিমুখত যোৱা ১২ ঘন্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.২২ মিটাৰ বৃদ্ধি পোৱাৰ লগতে পানী বাঢ়ি আছে ৷ পুৰ্বানুমান মতে ধনশিৰিমুখত অহা ১২ ঘন্টাত জলপৃষ্ঠ বৃদ্ধি পাই থাকিব যদিও ৩০ আগষ্টৰ পুৱাৰে পৰাই নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সম্প্ৰতি বিপদ সীমাৰ ১.৩৬ মিটাৰ ওপৰত আছে ৷

নুমলীগড় -

নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ যোৱা ১২ ঘন্টাত ০.০৮ মিটাৰ হ্ৰাস পাইছে আৰু পানী কমি আছে ৷ পুৰ্বানুমান মতে অহা ১২ ঘন্টাত জলপৃষ্ঠ আৰু নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ জলপৃষ্ঠ সম্প্ৰতি সংকেত সীমাৰ ০.৫০ মিটাৰ ওপৰত আছে ৷

উৎস - কেন্দ্ৰীয় জল আয়োগ  ৷