লক ডাউনৰ ধুসৰতাৰ মাজত শিলত ছবি আঁকিছে নিৰঞ্জন নায়কে : ইউনিচেফও প্ৰশংসা কৰিছে নিৰঞ্জনৰ শিল্প কৰ্মক :

Photo Courtesy : Uttam Saikia

লক ডাউনৰ মাজত গৃহবন্দী জনসাধৰনৰ মাজত হতাশা সৃষ্টি হোৱাৰ মাজতে প্ৰকৃতি প্ৰেমী এজন যুৱক এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ শিল্প কৰ্মত ৷ চৰাই পখিলাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ কামত ব্যস্ত থাকি ভালপোৱা ডিগবৈ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞানৰ স্নাতক মহলাৰ ছাত্ৰজনৰ নাম নিৰঞ্জন নায়ক ৷ লক ডাউনৰ এই জটিল সময়ত উজনি অসমৰ ৰূপাই চাইডিংৰ মানখোৱা চাহ বাগিচাত থকা নিজৰ বাসগৃহত গৃহবন্দী হৈ নিৰঞ্জন এতিয়া ব্যস্ত সৰু বৰ শিলত প্ৰকৃতি আৰু চৰাইৰ মনোমোহা চিত্ৰ অংকনত ৷ নদীৰ বুকুৰ পৰা বুটলি অনা মসৃন শিল বোৰক পৰিস্কাৰ কৰি ৰঙেৰে বুলাই নিৰঞ্জনে অংকন কৰিছে স্থানীয় বহু চৰাইৰ মনোমোহা চিত্ৰ ৷ ৰং তুলিকাৰ কৰা নিৰঞ্জনৰ এই ব্যতিক্ৰমী কাৰ্যই চ'চিয়েল মেডিয়াত ইতিমধ্যেই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ আন্তৰাষ্ট্ৰীয় সংগঠন ইউনিচেফৰ ভাৰতীয় শাখাই মান্যতাৰে প্ৰশংসা কৰিছে নিৰঞ্জনৰ এই সৃষ্টিশীলতাক ৷ সংগঠনটোয়ে চ'চিয়েল মেডিয়াত প্ৰকাশ কৰিছে নিৰঞ্জনৰ শিলত অঁকা ছবি ৷ লক ডাউনৰ সময়চোৱাত গৃহবন্দী নিৰঞ্জনে বিভিন্নজন প্ৰতিকৃতিও আঁকি উলিয়াইছে ৷ লক ডাউনৰ সময় মানুহৰ মাজত সৃষ্টি হতাশৰ পটভুমিত মানখোৱা চাহ বাগিচাৰ নিৰঞ্জন নায়ক ব্যস্ত প্ৰকৃতিৰ বুকুত নিজৰ সৃষ্টি কৰ্মক লৈ ৷ নিৰঞ্জনৰ এই চিত্ৰ কৰ্মই অনুপ্ৰাণিত কৰিছে বহু জনক ৷