কাৰ্বি আংলংৰ ডলামৰাৰ পৰা লাজুকী বান্দৰ উদ্ধাৰ : বোকাখাতৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান :

কাৰ্বি আংলংৰ ডলামৰাৰ পৰা লাজুকী বান্দৰ উদ্ধাৰ  : বোকাখাতৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান  :
Aiidesh Photo

কাৰ্বি আংলংৰ ডলামৰাৰ পৰা লাজুকী বান্দৰ উদ্ধাৰ  : বোকাখাতৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান  : 

Aiidesh News  :  5 May 2023  : 

কাৰ্বি আংলং জিলাৰ ডলামৰাৰ পৰা আজি পুৱা এটা লাজুকী বান্দৰ উদ্ধাৰ কৰি আনে বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে ৷ ডলানৰাৰ ৰাংচিনা তেৰাং নামৰ এজন যুৱকে বৃহস্পতি বাৰৰ দিনা সন্ধ্যা পাহাৰৰ পৰা নামি অহাৰ পথতে পৰি থকা অৱস্থাত পাই লাজুকী বান্দৰ টো পায় নিজৰ ঘৰলৈ লৈ আনে ৷ পিচত বোকাখাতৰ চাজাদ আহমেদৰ সহযোগত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ লগত যোগাযোগ কৰাত কেন্দ্ৰ উদ্ধাৰকাৰী দলে লাজুকী বান্দৰটো ডলামৰাৰ পৰা উদ্ধাৰ কৰি কেন্দ্ৰলৈ আনে ৷ সম্প্ৰতি কেন্দ্ৰতে চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জনায় কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে ৷ চিকিৎসাৰ শেষত লাজুকী বান্দৰটো পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হ'ব বুলিও চিকিৎসক গৰাকীয়ে জানিবলৈ দিয়ে  ৷

*******