আই চি আই চি আই বেংকৰ উদ্যোগত বোকাখাতত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ :
Bhabananda Kalita : Aiidesh News : 13 May - 2024 :
ইণ্ড্ৰষ্টিয়েল ক্ৰেডিট এণ্ড ইনভেষ্টমেন্ট ক'ৰপৰেচন অৱ ইণ্ডিয়া চমুকৈ আই চি আই চি আই বেংক বোকাখাত শাখাৰ উদ্যোগত তথা জেষ্ঠ নাগৰিক সন্মিলন বোকাখাত শাখাৰ সহযোগত ১২ মে'ত বোকাখাত নাট্য মন্দিৰত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । শিবিৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আয়োজিত এই শিৱিৰত অধ্যাপক ডাঃ আলোকজোতি মালাকৰ, স্নাতকোত্তৰ চিকিৎসক ডাঃ চনু পাল, অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ চৈয়দ চফিউৰ ৰহমান আৰু টেকনিচিয়ান প্ৰাঞ্জল বৰুৱাই চিকিৎসা সেৱা আগবঢ়ায় ৷ শিৱিৰত ৪০ গৰাকী জেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ।
এই শিৱিৰৰ শুভাৰম্ভ অনুষ্ঠানত আই চি আই চি আই বেংকৰ আঞ্চলিক পৰিচালক ৰাজীব দাস, বোকাখাত শাখাৰ পৰিচালক সঞ্জীব চক্ৰবৰ্তী, উপ পৰিচালক কৰিস্মা শইকীয়াৰ লগতে জেষ্ঠ নাগৰিক সন্মিলন বোকাখাত গোটৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে । অনুষ্ঠানত জেষ্ঠ নাগৰিক সন্মিলন বোকাখাত শাখাৰ সভাপতি চৈয়দ আনিচুৰ ৰহমানে সকলোকে শিবিৰলৈ আদৰনি জনায় । চমু অনুষ্ঠানতে ডাঃ আলোকজোতি মালাকাৰে হৃগৰোগত ল’বলগীয়া সাবধানতা সম্পর্কে বাখ্যা আগবঢ়ায় ।
*******