ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ বোকাখাতৰ উমা ছেত্ৰীৰ : উমা ছেত্ৰীৰ এই সফলতাত উৎফুল্লিত বোকাখাত :

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ বোকাখাতৰ উমা ছেত্ৰীৰ  : উমা ছেত্ৰীৰ এই সফলতাত উৎফুল্লিত বোকাখাত  :
Aiidesh Photo

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ বোকাখাতৰ উমা ছেত্ৰীৰ  : উমা ছেত্ৰীৰ এই সফলতাত উৎফুল্লিত বোকাখাত  : 

Aiidesh News  : 2 July 2023 :

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ উমা ছেত্ৰীয়ে ৷ ৯ জুলাইৰ পৰা বাংলাদেশৰ বিৰুদ্ধে হ'ব লগা এদিনীয়া আৰু T20 মহিলা ক্ৰিকেট শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰহৈ খেলিব উমা ছেত্ৰীয়ে ৷ বাংলাদেশৰ মীৰপুৰত হ'ব এই খেল ৷ উমা ছেত্ৰী বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ কৃষক লোকবাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ দুহিতা । উমা ছেত্ৰী এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বোকাখাত ৷ বিভিন্ন দল সংগঠনে উমা ছেত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে  ৷

********