সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক লৈ ভাৰত-ভূটান সীমান্তত আৰণ্যক’ৰ বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ সম্পৰ্কীয় কৰ্মশালা ⦂
Aiidesh News ⦂ November 2024 ⦂
বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ অভিযানৰ অংশ হিচাবে ভাৰতৰ অন্যতম সীমান্ত সুৰক্ষা বাহিনী বা সশস্ত্ৰ সীমা বলে একেৰাহে অনুষ্ঠিত কৰা দুখন সজগতা কৰ্মশালাত বাহিনীটোৰ অৰ্দ্ধশতাধিক বিষয়া-জোৱানে অংশগ্ৰহণ কৰে । জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ আৰু বন্যপ্ৰাণী চোৰাং সৰবৰাহৰ পৰিচিত পথ হিচাপে জনাজাত ভাৰত-ভূটান সীমান্তৰ দুটা গুৰুত্বপূৰ্ণ সীমান্ত চকী ফেবছু আৰু মাইনগুৰিত যোৱা ২৯ আৰু ৩০ অক্টোবৰত দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সহযোগত এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল । কৰ্মশালাত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলৰ লগত বন্যপ্ৰাণী অবৈধ সৰবৰাহ আৰু চোৰাং ব্যৱসায় প্ৰতিৰোধ কৰাৰ বাবে আৰু আৰণ্যকৰ “আইন আৰু আইন উপদেষ্টা বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক ড° জিমি বৰা আৰু জ্যেষ্ঠ প্ৰকল্প বিষয়া আইভি ফাৰহীন হুছেইনকে ধৰি বিশেষজ্ঞ সকলে মত বিনিময় কৰি বিভিন্ন পৰামৰ্শও প্ৰদান কৰে
আৰণ্যকৰ সমল ব্যক্তি সকলে বন্যপ্ৰাণী অপৰাধ , জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনীয়ে ল’ব পৰা ফলপ্ৰসু পদক্ষেপৰ ওপৰত আলোচনা কৰে ৷ বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাই নহয়, সন্ত্ৰাসবাদ, ড্ৰাগছ সৰবৰাহ আৰু আগ্নেয়াস্ত্ৰৰ চোৰাং ব্যৱসায়কে ধৰি অন্য গুৰুতৰ অপৰাধতো অৰিহণা যোগায় আহিছে ৷ চীন আৰু ভিয়েটনাম পৰ্যন্ত সম্প্ৰসাৰিত বন্যপ্ৰানীৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং বজাৰৰ সৈতে জড়িত অবৈধ ব্যৱসায়ে দেশৰ নিৰাপত্তাৰ প্ৰতিও সৃষ্টি কৰা ভাবুকিৰ বিষয়ে ও কৰ্মশালাত আলোচনা কৰা হয় ৷
কৰ্মশালাত আৰণ্যকৰ বিশেষজ্ঞ ড° জিমি বৰাই ভাৰত-ভূটান সীমান্তৰ দৰে আন্ত:ৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলসমূহত বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰে আৰু কয় যে জৈৱ বৈচিত্ৰ্যত চহকী আৰু সূক্ষ্মভাবে নিৰীক্ষণ কৰাত অসুবিধা থকা এই অঞ্চলবোৰক বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰীয়ে সুৰক্ষিত পথ হিচাপে ব্যৱহাৰ কৰি আহিছে । চোৰাং ব্যৱসায়ী চক্ৰই স্থল আৰু বিমান দুয়োবিধ পথ ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ ইয়াক প্ৰতিৰোধ কৰাৰ বাবে বিমানবন্দৰ আৰু পৰিচিত চোৰাং সৰবৰাহ পথকে ধৰি সকলো মূল স্থানত উন্নত আৰু সমন্বিত নিৰীক্ষণ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰতগুৰুত্ব আৰোপ কৰে ।
সমল ব্যক্তি আইভি ফাৰহীন হুছেইনে তেওঁৰ উপস্থাপনত বন্যপ্ৰাণী অপৰাধৰ স্থানীয় পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে আৰু মানাহ আন্ত⦂ৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত চোৰাং চিকাৰীৰ সহজ লক্ষ্য হৈ পৰা বাঘ, গঁড়, হাতী, বনৰৌ, কেঁকো সাপ, হিমালয়ান কৃষ্ণ ভালুক, ফেঁচা আদি প্ৰজাতিবোৰৰ বিষয়ে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলক অৱগত কৰে ।
লগতে অতি সংবেদনশীল এই অঞ্চলত অপৰাধীসকলৰ উদ্দেশ্য আৰু তেওঁলোকে অৱলম্বন কৰা পদ্ধতিৰ বিষয়েও ব্যাখ্যা কৰে ৷ এনে কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে আইভি ফাৰহীন হুছেইনে বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰাসংগিক আইনৰ জ্ঞানৰ লগতে বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ উপযুক্ত বিচাৰৰ বাবে সঠিক সাক্ষ্য সংগ্ৰহ আৰু বৈজ্ঞানিক তদন্তত গুৰুত্ব আৰোপ কৰে ।
**********