হাওৰাঘাটত নৈৰ বুকুত যুৱকৰ মৃতদেহ উদ্ধাৰ

হাওৰাঘাটত নৈৰ বুকুত  যুৱকৰ মৃতদেহ উদ্ধাৰ

 হাওৰাঘাট নগৰৰ গাতে লাগি থকা হাতিপাৰাত বৃহস্পতিবাৰে নদীৰ কোঁৱাল সোঁতে উটুৱাই নিয়া এগৰাকী যুৱকৰ মৃতদেহ আজি দুপৰীয়াৰ ভাগত উদ্ধাৰ হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি পশ্চিম কাৰবি আংলং জিলাৰ তৰাডুবি নিবাসী ৰাজেন ডেকাৰজাৰ একমাত্ৰ পুত্ৰ অভিনব ডেকাৰজা (১৮) কিছুদিন পূৰ্বে হাওৰাঘাট হাতীপাৰাত থকা পেহায়েকৰ ঘৰত ফুৰিবলৈ আহিছিল ৷ এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত অৱতীৰ্ণ হোৱা অভিনৱে পেহায়েকৰ ঘৰৰ পৰা কালি ১০/১২ জন লগৰীয়াৰ সৈতে এৰা দীঘলপানী নৈত গা ধুবলৈ গৈছিল ৷ এনে সময়তে নদীত গা ধুই থকা অৱস্থাত নদীৰ কোঁৱাল সোঁতে যুৱক জনক অকষ্মাতে উটুৱাই লৈ যায় ৷

ঘটনাটোক লৈ এলেকাটোত হুৱা- দুৱা লাগে যদিও কালিৰে পৰা যুৱকজনক উদ্ধাৰ কৰিব পৰা নগ’ল ৷ আজি পুৱাৰে পৰা এছ ডি আৰ এফৰ জোৱানে নিৰন্তৰ অভিযান চলাই পুৱা প্ৰায় ১১-৩০ মান বজাত কালি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ৫০০ মিটাৰ নিলগৰ নদীৰ কাষৰ কলমৌ গছত লাগি থকা অৱস্থাত অভিনৱৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে যুৱকজনৰ বাঢ়নী পানীৰ সোঁতত সলিল সমাধি ঘটা একমাত্ৰ পুত্ৰৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰিছে যুৱক গৰাকীৰ দূৰ্ভগীয়া পিতৃ- মাতৃ৷ সহজ- সৰল স্বভাৱৰ অভিনৱ ডেকাৰজা তিৱা ছাত্ৰ সন্থাৰ ৰংখাং আঞ্চলিকৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিল বুলি জানিব পৰা গৈছে ৷কৰ’নাতংকৰ মাজতে এনে শোকাৱহ ঘটনাই দুয়োখন জিলাতে শোঁকৰ ছা পেলাইছে ৷