কাজিৰঙাৰ বনশিৱিৰতে বন কৰ্মীৰ মৃত্যু : আত্মহত্যা বুলি সন্দেহ :

কাজিৰঙাৰ বনশিৱিৰতে বন কৰ্মীৰ মৃত্যু  : আত্মহত্যা বুলি  সন্দেহ  :
Photo Aiidesh

কাজিৰঙাৰ বনশিৱিৰতে বন কৰ্মীৰ মৃত্যু  : আত্মহত্যা বুলি  সন্দেহ  : 


Aiidesh news  : 19 September  :


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ  ডাফলাং বন শিবিৰত শনিবাৰৰ নিশা এজন বনকর্মীৰ মৃত্যু হয় ৷


মৃত্যু হোৱা বনকৰ্মীজনৰ নাম প্ৰবীন শইকীয়া ৷ ঘৰ ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰে কুঠৰীৰ বাঘমাৰী গাওঁত ৷  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে বনশিৱিৰত নিজৰ বন্দুকেৰে নিজকে গুলীয়াই আত্মহত্যা কৰে প্ৰবীন শইকীয়াই  ৷ ঘটনাৰ সময়ত বনশিৱিৰত থকা সহযোগী দুজন বনকৰ্মী অন্য কামত ব্যস্ত থকাৰ সময়তেই প্ৰবীন শইকীয়াই আত্মহত্যা কৰে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷


ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ হাতত এজাহাৰ দাখিল কৰাৰ পিচত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ উপৰিও দণ্ডাধীশৰ উপস্থিতিত আজি পুৱা ঘটনাস্থলীৰ পৰা মৃতদেহ সংগ্ৰহ কৰিছে ৷ ডাফলাং বনশিৱিৰৰ দুই বনকৰ্মীৰো ভাষ্য গ্ৰহন কৰিছে আৰক্ষীয়ে ৷

***********