বোকাখাতৰ জাপৰিপথাৰত হাতীৰ মৃতদেহ উদ্ধাৰ : বাঘে কৰা আক্ৰমনত আহত হোৱাৰ বাবেই হাতীটোৰ মৃত্যু :

বোকাখাতৰ জাপৰিপথাৰত হাতীৰ মৃতদেহ উদ্ধাৰ  :  বাঘে কৰা আক্ৰমনত আহত হোৱাৰ বাবেই হাতীটোৰ মৃত্যু :
Aiidesh Photo

Aiidesh News  : 17 September 2024  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাতে অৱস্থিত বোকাখাতৰ জাপৰি পথাৰত আজি পুৱাতেই এটা হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ হয় ৷ পথাৰৰ মাজৰ পানী যুঁৱলিত পৰি থকা অৱস্থাত স্থানীয় লোকে হাতী পোৱালীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ স্থানীয় লোকে সমীপৰ মিকিৰজান বনশিৱিৰৰ লগতে কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াক অৱগত কৰাত ঘটনাস্থলীত গৈ বনকৰ্মী উপস্থিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় অহা বুলি সন্দেহ কৰা হাতী পোৱালীটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি মৃত হাতী পোৱালীটোৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বন বিভাগে ৷ পশু চিকিৎসকে কৰা মৰোনোত্তৰ পৰীক্ষাৰ পিচত মতা হাতীৰ পোৱালীটোৰ বাঘে কৰা আক্ৰমনৰ বাবে শৰীৰৰ বিভিন্ন স্থানত হোৱা গভীৰ আঘাতৰ বাবেই মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰায় তিনি দিন মানৰ আগতে বাঘে সমুখৰ পৰা আক্ৰমন কৰি আহত কৰিছিল এই হাতীৰ পোৱালীটোক ৷ অৱশেষত গভীৰ আঘাত লৈ জাপৰিপথাৰত শেষ নিঃশ্বাস ত্যাগ কৰে হাতীৰ পোৱালীটোয়ে ৷

*********