চতুৰ্থটো লকডাউনৰ মাজতে ৰেল ষ্টেচনত সন্দেহযুক্ত বাংলাদেশী যুৱক

চতুৰ্থটো লকডাউনৰ মাজতে  ৰেল ষ্টেচনত সন্দেহযুক্ত বাংলাদেশী যুৱক

চতুৰ্থ পৰ্য্যায়ৰ লকডাউনৰ মাজতে ধনশিৰি মহকুমাৰ চুঙাজান ৰেল ষ্টেচনত সন্দেহযুক্ত বাংলাদেশী যুৱক । বাংলাদেশী যুৱক জনৰ নাম - ৰতন চন্দ্ৰ মালো ,গাঁও দাওতপুৰ, মাঝিপাৰা থানা- নবাবগঞ্জ, জিলা- ঢাকা বাংলাদেশ বুলি পৰিচয় দিয়ে | আজিৰ পৰা ছবছৰ পুৰ্বে ভাৰত বাংলাদেশ  সীমান্তৰ ত্ৰিপুৰাই দি দালালৰ সহযোগত অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰে | ইয়াৰ পিছত কিছুদিন নগালেণ্ডৰ ডিমাপুৰত পেইন্টাৰৰ কাম কৰাৰ পিছত অসম নগালেণ্ড সীমান্তৰ কাৰ্বিআংলং জিলাৰ লাহৰিজানত পেইন্টিংৰ কাম কৰি আছিল | লকডাউনৰ ফলত কামকাজ বন্ধ হৈ পৰাত উপায়ন্তৰ হৈ কাম বিচাৰি  চুঙাজানত উপস্থিত হয় আৰু  ৰাইজৰ সন্দেহ হোৱাত যুৱক জনক আটক কৰি চুঙাজান আৰক্ষীক গতাই দিয়ে বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছেl