কাছাৰ কেঞ্চাৰ চিকিৎসালয়ৰ সঞ্চালক পদ্মশ্ৰী ডা৹ আৰ ৰবি কান্নানলৈ ২০২৩ বৰ্ষৰ ৰামন মেগচেচে বঁটা :

কাছাৰ কেঞ্চাৰ চিকিৎসালয়ৰ সঞ্চালক পদ্মশ্ৰী ডা৹ আৰ ৰবি কান্নানলৈ ২০২৩ বৰ্ষৰ ৰামন মেগচেচে বঁটা :
Collected

কাছাৰ কেঞ্চাৰ চিকিৎসালয়ৰ সঞ্চালক পদ্মশ্ৰী ডা৹ আৰ ৰবি কান্নানলৈ ২০২৩ বৰ্ষৰ ৰামন মেগচেচে বঁটা :

Aiidesh News  : 31 August 2023 :

শিলচৰৰ কাছাৰ কেন্সাৰ হস্পিতেল চ'চাইটিৰ সঞ্চালক কৰ্কট ৰোগ বিশেষজ্ঞ পদ্মশ্ৰী ডা০ আৰ ৰবি কান্নানলৈ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ২০২৩ চনৰ সন্মানীয় ৰামন মেগচেছে বঁটা আগবঢ়োৱা হৈছে ৷ 

২০২৩ বৰ্ষৰ ৰামন মেগচেছে বঁটা ঘোষণাৰ পিচত প্ৰথম বাৰৰ বাবে অসমলৈ এই বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ডাঃ কান্নানৰ মন্তব্য এইয়া তেওঁৰ চিকিৎসালয়ৰ বাবে এক স্বীকৃতি ৷ এইয়া তেওঁৰ বাবে ব্যক্তিগত স্বীকৃতি নহয় ৷ এই বঁটা তেওঁ কাছাৰ কেন্সাৰ হস্পিতেল চ'চাইটিৰ মুৰব্বী হিচাপেহে গ্ৰহণ কৰিব । 

মূলতঃ চেন্নাইৰ লোক হলেও ডাঃ কান্নান ২০০৭ চনত তেওঁৰ পত্নী সীতাৰ সৈতে কাছাৰ কৰ্কট চিকিৎসালয় চছাইটিৰ দায়িত্ব ল'বৰ বাবে শিলচৰলৈ আহিছিল । ইয়াৰ আগতে, তেওঁ চেন্নাইৰ আদিয়াৰ কৰ্কট প্ৰতিষ্ঠানত এজন শল্য চিকিৎসক হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল ৷ ইয়াৰ পুৰ্বতে স্বাস্থ্যসেৱাৰ খণ্ডলৈ আগবঢ়োৱা  গুৰুত্বপূৰ্ণ অৱদানৰ বাবে ডা০ আৰ ৰবি কান্নানক ভাৰত চৰকাৰে সন্মানীয় পদ্মশ্ৰী বঁটাও প্ৰদান কৰিছিল ৷

সমাজৰ নিম্ন শ্ৰেণীৰ লোক সকলৰ বাবে স্বাস্থ্যসেৱাৰ সহজলভ্য কৰাৰ বাবেই ডা০ আৰ ৰবি কান্নানে অসমৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু ডিমা হাচাওৰ দৰে বিভিন্ন এলেকাত চিকিৎসা সেৱা আৰম্ভ কৰিছিল । তেওঁৰ নেতৃত্বতে কাছাৰ কেন্সাৰ হস্পিতেল চ'চাইটিয়ে গঢ়ি উঠিছিল ৷  ডা০ আৰ ৰবি কান্নানে ২০১২ চনত কৰ্কট ৰোগীৰ বাবে প্ৰথম মাইক্ৰ'ভাস্কুলাৰ অস্ত্ৰোপচাৰৰ তত্বাৱধান কৰিছিল ৷ এই অস্ত্ৰোপচাৰৰ সফলতা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবে এক অন্যতম সাফল্য হিচাবে পৰিগনিত হৈছিল ৷

উল্লেখযোগ্য যে সদ্য ঘোষিত এই ৰামন মেগচেচে বঁটা চলিত বৰ্ষৰ শেষৰ ফালে প্ৰদান কৰা হ'ব । ১৯৫৭  চনৰ পৰা আৰম্ভ হোৱা ৰামন মেগচেছে বঁটা হৈছে বিশ্বৰ আগশাৰীৰ বঁটা ৷ প্ৰতি বছৰতেই ফিলিপাইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামন মেগচেছেৰ স্মৃতিত নৈতিক শাসনৰ আদৰ্শ, জনসাধাৰণৰ প্ৰতি সমৰ্পিত সেৱা আৰু গণতান্ত্ৰিক পৰিকাঠামোৰ ভিতৰত ব্যৱহাৰিক আদৰ্শবাদৰ উদাহৰণ দিয়া কাৰ্যৰ বাবে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় ৷ বিশ্ব এই বঁটাক "এছিয়াৰ নবেল বঁটা" বুলিয়েই অভিহিত কৰা হয় ৷ ফিলিপাইন চৰকাৰৰ সহযোগত ৰকফেলাৰ ব্ৰাদাৰ্ছ ফাণ্ডৰ ট্ৰাষ্টীসকলে এই বঁটা পৰিচালনা কৰে ।

*******