বোকাখাতত আছুৰ উদ্যোগত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান :

বোকাখাতত আছুৰ উদ্যোগত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান  :
Aiidesh Photo
বোকাখাতত আছুৰ উদ্যোগত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান  :
বোকাখাতত আছুৰ উদ্যোগত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান  :

Aiidesh News  : 24 July - 2025  : 

বোকাখাত আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আজি বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিত ২০২৪-২৫ বর্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃৰ্তিত্ব সহকাৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রী সকলক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয় ৷ এই 'বিশেষ অভিনন্দন' অনুষ্ঠানতে বোকাখাত সম জিলাৰ সুখ্যাতিৰে উতীৰ্ণ হোৱা মুঠ ২১৫ গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা জনায় ৷ লগতে ছাত্র-ছাত্রীসকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ সন্মানীয় মুৰব্বী সকলকো সম্বর্ধনা জনোৱা হয় । অনুষ্ঠানত জাঁজী মহাবিদ্যালয়ৰ অধ্যাপক মন্টু কুমাৰ বৰা, যোৰহাট জগন্নাথ বিশ্বিদ্যালয়ৰ ড৹ বিদিশা বৰগোহাঁই, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ লগতে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা, লেখিকা সমাৰোহ সমিতিৰ সভাপতি সূৱৰ্ণ শইকীয়া বৰদলৈ ,প্ৰাক্তন আছুৰ সদস্য প্ৰতিষ্ঠিত ব্যৱসায়ী শৰৎ ৰঞ্জন শৰ্মা, বিদ্যা শইকীয়া, বিপুল গগৈৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয় ববীয়াও উপস্থিত থাকে ৷ বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য আহ্বায়ক লক্ষ্যজ্যোতি নাথৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানৰ আঁত ধৰে সমুজ্জ্বল দত্তই ৷ পেৰিচ প্লাৱন শইকীয়াই স্বাগত ভাষণ আৰু চিন্ময়জ্যোতি শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত এই অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্র-ছাত্রীসকলৰ সুবিধার্থে 'কেৰিয়াৰ কাউন্সিলিং অনুষ্ঠান' অনুষ্ঠিত হয় ৷ 'কেৰিয়াৰ কাউন্সিলিং অনুষ্ঠান' পৰিচালনা কৰে অধ্যাপক মন্টু কুমাৰ বৰাই ৷ ইফালে অহা ২৫ জুলাইত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’ব আৰু ইয়াতেই বোকাখাতৰ বাবে এখন পূৰ্ণাংগ সমিতিও গঠিত হ’ব ৷

**********