বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবেই ব্ৰহ্মপুত্ৰৰ চাপৰিত পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত কাজিৰঙাৰ কৰ্তৃপক্ষৰ পশুধনৰ প্ৰতিষেধক টিকা প্ৰদানৰ অভিযান  :

বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবেই ব্ৰহ্মপুত্ৰৰ চাপৰিত পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত কাজিৰঙাৰ কৰ্তৃপক্ষৰ পশুধনৰ প্ৰতিষেধক টিকা প্ৰদানৰ অভিযান  :
Aiidesh Photo

Aiidesh News  : 6th March  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাতৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বিগত বৰ্ষ বোৰত ৰাষ্ট্ৰীয় উদ্যানখন কাষৰীয় জনপদ বোৰৰ পোহনীয়া গৰু ম'হৰ টিকাকৰণৰ কাম সম্পাদন কৰি আহিছে ৷ চলিত বৰ্ষতো কাজিৰঙাৰ কৰ্তৃপক্ষই বোকাখাতৰ পশু কল্যান আৰু পশু চিকিৎসা বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলৰ নদীপৰীয়া চাপৰিবোৰৰ গৰু ম'হৰ খুটিত থকা পোহনীয়া পশুধনৰ টিকাকৰণৰ কাৰ্য ইতিমধ্যেই ৰূপায়ন কৰিছে ৷ 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলৰ ভক্তে, গাভৰু,  লালুং আৰু বিলতীয়া চাপৰিত থকা গৰু ম'হৰ খুটিবোৰৰ পশুধনক ইতিমধ্যেই প্ৰতিষেধক প্ৰদান কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷ প্ৰকৃততে পোহনীয়া পশুধনৰ পৰা যাতে কোনোধৰণ ৰোগ কাজিৰঙাৰ বন্যপ্ৰাণীলৈ সংক্ৰমন হ'ব নোৱাৰে তাৰ কাৰণেই প্ৰতি বছৰেই কাষৰীয় জনপদৰ পশিধনৰ টিকাকৰণ কৰি আহিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷ এই বাৰ যোৱা ২৪ ফেব্ৰুৱাৰীপৰা আৰম্ভ হোৱা এই পশুধন টিকাকৰণ অভিযানেৰে উল্লেখিত চাৰিটা চাপৰিৰ মুঠ ১৩৭ টা গৰু ম'ৰ খুটিৰ সৰ্বমুঠ ৩৯২৩ টা পোহনীয়া গৰু, ম'হ আৰু ছাগলীক প্ৰতিষেধক টিকা প্ৰদান কৰে ৷ এই ৩৯২৩ পশুধনৰ ভিতৰত ৩১৯৫ টা পোহনীয়া গৰু,  ৫৯১ টা পোহনীয়া ম'হ আৰু ১৩৭ টা পোহনীয়া ছাগলী আছিল ৷ 

বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক তথা বন্যপ্ৰাণী সংৰক্ষণ কৰ্মী উত্তম শইকীয়া আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণা ডেকাৰ নেতৃত্বত বোকাখাতৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰায় ৮০ গৰাকী ক্ষেত্ৰ সহায়ক প্ৰশিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পশুধনৰ ৰোগ নিয়ন্ত্ৰন অভিযানৰ অংশৰে এই টিকাকৰণ অভিযানত অংশ লয় ৷ নাৱেৰে ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰহৈ সুদীৰ্ঘ পথ পদযাত্ৰাৰে অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰ এই চাপৰি বোৰত নিশা কটায় পশুধনক প্ৰতিষেধক টিকা প্ৰদান কৰে এই দলটোয়ে ৷ ৩৯২৩ টা পশুধনক প্ৰতিষেধ টিকা প্ৰদানেৰে এই দলটোয়ে ইতিমধ্যেই ব্ৰহ্মপুত্ৰ চাপৰিত প্ৰতিষেধ প্ৰদানৰ কাৰ্য সমাপ্ত কৰিছে বুলি জানিবলৈ দিছে ৷

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ লগতে জনসাধাৰণ পশুধনৰ কল্যান হোৱাকৈ আমি এই পোহনীয় পশু ধনৰ প্ৰতিষেক টিকাৰ প্ৰদানৰ কাম কৰি আহিছো বুলি জনায় পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷ ইফালে ৰাষ্ট্ৰীয় পশধনৰ ৰোগ নিয়ন্ত্ৰন অভিযানেৰে বোকাখাতৰ পশু পালন আৰু পশু চিকিৎসা বিভাগে প্ৰতিষেধ আৰু দক্ষতা সম্পন্ন যুৱকক এই কামত নিয়োগ কৰাৰ বিপৰীতে বন বিভাগৰ উদ্যোগত এই অভিযানৰ সফলতাৰ বাবে সকলোবোৰ সামগ্ৰীৰ লগতে অভিযান কাৰী দলৰ বাবে খাদ্যৰো যোগান ধৰা বুলি জনায় বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালে  ৷

**********