বিশ্বনাথ আৰক্ষীৰ বৃহৎ সফলতা ::: দুজন কুখ্যাত ড্ৰাগ্চ মাফিয়াক আটক ::: পোন্ধৰ লক্ষ্যাধিক টকাৰ হিৰোইন জব্দ

বিশ্বনাথ আৰক্ষীৰ বৃহৎ সফলতা ::: দুজন কুখ্যাত ড্ৰাগ্চ মাফিয়াক আটক ::: পোন্ধৰ লক্ষ্যাধিক টকাৰ হিৰোইন জব্দ

  বিশ্বনাথৰ উপ-আৰক্ষী অধীক্ষক আৰু চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলোৱা তালাচী অভিযানত নগাঁৱৰ পৰা লখিমপুৰ অভিমুখে আহি থকা অৱস্থাত চতিয়াত গ্ৰেপ্তাৰ হ'ল দুজন কুখ্যাত ড্ৰাগ্চ ব্যৱসায়ী ৷ এ এচ ০৭ এম ৮৯২২ নম্বৰৰ এখন  নীলা ৰঙৰ আই-২০ গাড়ীৰে আহি থকা অৱস্থাত ১৮০ গ্ৰাম হিৰোইন সহ ব্যৱসায়ী দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে উদ্ধাৰ কৰা হিৰোইনৰ মুল্য ১৫ লাখ টকা হব বুলি জানিব পৰা গৈছে । আটকাধীন ড্ৰাগ্চ মাফিয় দুজন ক্ৰমে লখিমপুৰ জিলাৰ হাৰমতী পাৰ্বতীপুৰৰ জীতেন বিশ্বাস (৩২) আৰু লালুকৰ সঞ্জয় ভট্টাচাৰ্য্য (২২) । চতিয়া আৰক্ষী থানাৰ সমীপত বুধবাৰে নিশা আকস্মিকভাবে তালাচী চলাই থাকোতে প্ৰথমতে দুয়োজনৰে পৰা চিৰিঞ্জ আৰু হিৰোইন ভৰ্তি এটা টেমা উদ্ধাৰ কৰা হৈছিল ৷ পিছত ড্ৰাগছ কঢ়িয়াই অনা গাড়ীখন তন্নতন্নকৈ তালাচী চলোৱাত লুকুৱাই থোৱা অৱস্থাত ৰঙা, নীলা আৰু সেউজীয়া ৰঙৰ ১৫ টা টেমাত গাড়ীৰ বাওঁফালৰ দৰ্জাৰ ফাইবাৰৰ ভিতৰত লুকুৱাই ৰখা হিৰোইনখিনি উদ্ধাৰ হয়  ৷ আৰক্ষীসূত্ৰে জানিব পৰা মতে নগাঁও জিলাৰ কলিয়াবৰৰ এক গোপন স্থানৰ পৰা সংগ্ৰহ কৰি আনিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ আনহাতে, গ্ৰেপ্তাৰ হোৱা জিতেন বিশ্বাস পূৰ্বৰে পৰা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল৷ ইয়াৰ পূৰ্বে ২০১৫ চনত দৰঙৰ ছিপাঝাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিতেনক ৷ অৰুণাচলৰ নাহৰলগুনতো ৮৫ গ্ৰাম হিৰোইন আৰু এটা ৯ এম এম পিষ্টল সহ  জিতেনক চাৰিগৰাকী সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ইফালে, সঞ্জয় ভট্টাচাৰ্য নামৰ লোকজন কাৰাগাৰত আছিল আৰু কোভিড-১৯ মহামাৰীৰ আতংকৰ বাবে শেহতীয়াকৈ জে’লৰ পৰা মুকলি কৰি দিয়া হৈছিল ৷ ইতিমধ্যে ড্ৰাগছসহ দুয়োজনকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা–পোছা কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিছে ৷
.ৰূপজ্যোতি  শইকীয়াৰ ৰিপৰ্ট বিশ্বনাথ চাৰিআলি ,এই দেশ