দিল্লীত কৰ'ণাৰ দ্বাৰা আক্ৰান্ত বোকাখাতৰ এহাল দম্পতি : দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন তেওঁলোক :

দিল্লীত কৰ'ণাৰ দ্বাৰা আক্ৰান্ত বোকাখাতৰ এহাল দম্পতি : দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন তেওঁলোক  :

দিল্লীত কৰ'ণাৰ দ্বাৰা আক্ৰান্ত বোকাখাতৰ এহাল দম্পতি : দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন তেওঁলোক  :


AIIDESH NEWS : 29April :


দিল্লীত কৰ'ণাত আক্ৰান্ত হৈছে বোকাখাতৰ এহাল দম্পত্তি ৷ বোকাখাতৰ মহমাইকী গাঁৱৰ নিৱাসী অজিত শইকীয়াই পত্নী বন্তি শইকীয়াৰ চিকিৎসাৰ বাবে লক ডাউনৰ পূৰ্বেই দিল্লীলৈ গৈছিল ৷ দিল্লীত পত্নী বন্তি শইকীয়াৰ চিকিৎসা চলি থকা অৱস্থাতেই পতি পত্নী আক্ৰান্ত হয় কভিড ১৯ ত ৷ শৰীৰত কভিড ১৯ ধৰা পৰাৰ পাচত বৰ্তমান দুয়ো ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি হস্পিতালৰ আইচলেশ্ব্যন ৱাৰ্ডত চিকিৎসাধীন হৈ আছে ৷ অজিত শইকীয়া আৰু বন্তি শইকীয়াৰ লগত দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰো কভিড টেষ্ট কৰা হৈছে যদিও ফলাফল এতিয়ালৈকে অহা নাই ৷ কংকনজ্যোতি বৰাকো সম্প্ৰতি আইচলেশ্বনত ৰখা হৈছে ৷ অজিত শইকীয়াই বোকাখাতৰ পানবাৰীত থকা  কৃষি বিভাগৰ ফিল্ড ট্ৰায়েল ষ্টেচনত গৱেষণা সহায়ক হিচাবে কাম কৰি যোৱা বছৰ জুন মাহত অৱসৰ গ্ৰহন কৰিছিল ৷ ব্যক্তিজনৰ ঘৰ কমাৰগাঁওত যদিও অৱসৰৰ পাচত বোকাখাতত নিজা ঘৰ সাঁজি থাকিবলৈ লৈছিল ৷ সম্প্ৰতি দিল্লীতে চিকিৎসাধীন হৈ আছে অজিত শইকীয়া আৰু তেওঁৰ পৰিবাৰ ৷